কগ্ৰেছৰ সদ্য পদত্যাগী নেত্ৰী সুস্মিতা দেৱে তৃণমূল কংগ্ৰেছত যোগদান কৰিলে।সোমবাৰে দেৱে কলকতালৈ গৈ তৃণমূলৰ নেতা ডেৰেক অ‘ ব্ৰিয়েনক সাক্ষাৎ কৰি অভিষেক বন্দোপাধ্যায়ৰ কামাক ষ্ট্ৰীটৰ কাৰ্যালয়লৈ যায় আৰু তাতেই পূৰ্বৰ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছত যোগদান কৰে।
ইয়াৰপিছতেই তৃণমূল কংগ্ৰেছৰ প্ৰধান তথা বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সাক্ষাৎ কৰে।উল্লেখ যোগ্য যে প্ৰাক্তন কংগ্ৰেছ সাংসদ গৰাকীয়ে তেওঁৰ পদত্যাগ পত্ৰ কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰাৰ পিছতেই পোনে পোনে কলকতাত উপস্থিত হৈ তৃণমূল কংগ্ৰেছত যোগদান কৰে।
সৰ্ব ভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সুস্মিতা দেৱৰ এই পদত্যাগ নিশ্চিতভাৱে কংগ্ৰেছ দলৰ বাবে এক বৃ্হৎ ক্ষতি।
ইফালে জ্যেষ্ঠ কংগ্ৰেছ নেতা কপিল ছিবালে এই সন্দৰ্ভত টুইট কৰি কয় যে ’’সুস্মিতা দেৱে আমাৰ দলৰ সাধাৰণ সদস্য পদৰ পৰা পদত্যাগ কৰিছে।আৰু এইদৰে যুৱ নেতাসকলে দল এৰি যোৱাৰ সময়ত আমি জ্যেষ্ঠসকল দলটো শক্তিশালী কৰাৰ ক্ষেত্ৰত সমালোচিত হৈছো।দলে বহুল দৃষ্টিৰে বিষয়টো চালি-জাৰি চাব লাগে।”
সুস্মিতা দেৱ পূৰ্বে শিলচৰ লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল আৰু তেওঁ অসম কংগ্ৰেছৰ প্ৰভাৱশালী নেতা সন্তোষ মোহন দেৱৰ কন্যা আছিল।অসম কংগ্ৰেছত দীৰ্ঘদিনৰ এই সম্পৰ্কৰ অন্ত পেলাই তৃণমূল কংগ্ৰেছত যোগদান কৰা সুস্মিতা দেৱৰ ভৱিষ্যত ৰাজনৈতিক কেৰিয়াৰ কোনদিশে গতি কৰে সেইয়া অৱশ্যে সময়েহে প্ৰমাণ কৰিব।