যদিওবা এয়া অন্ধবিশ্বাস তথাপি কিছুমান বিশ্বাসে আমাৰ মনত খোপনি পুতি থাকে। কিছুমান কথা আমি নাভাবো বুলি ভাবিলেও আমাক যেন ভাবিবলৈ বাধ্য কৰায়। আমি যদি কৰবালৈ যাবলৈ ওলাইছো সেই সময়ত ঘটা কিছুমান ঘটনাই আমাক চিন্তিত কৰি তোলে–
১) আমি শুভ কামত যাত্ৰা কৰিবৰ সময়ত ধানৰ ভাৰ , কলৰ ঠোক , গাই গৰু , মৌ , ঘিউ , ফুলৰ কৰণি , কেছুৱাৰে সৈত্যে মাক দেখা পাওঁ তেন্তে আমাৰ যাত্ৰা শুভ হ’ব বুলি বা যি কাম কৰিবলৈ গৈ আছো তাত কৃতকাৰ্যতা লাভ কৰিব পাৰিম বুলি বিশ্মাস জন্মে। আৰু এই যোগাত্মক চিন্তাই আমাক কৃতকাৰ্যতা হোৱাত সহায় কৰে।
২) কাউৰী ,শগুন আদি যদি যাত্ৰা কালত আগেদি পাৰ হৈ যায় তেনেহ’লে আমাৰ শত্ৰু নাশ হয় বুলি বিশ্বাস কৰা হয়।
৩) কৰবালৈ যোৱাৰ আগমূহুৰ্তত কাজিয়া পেচাল কৰি যাব নালাগে। এনে কৰিলে আমাৰ মন অশান্ত হৈ থাকে আৰু কিবা অঘটন হোৱাৰ সম্ভ্ৰাৱনা থাকে।