আজি শ্বহীদ ভগৎ সিঙৰ ওপজা দিন । ১৯০৭ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ ভাৰতৰ পঞ্জাব প্ৰদেশৰ লায়ালপুৰত তেওঁৰ জন্ম হয় । প্ৰবীণ স্বাধীনতা সংগ্ৰামী লালা লাজপত ৰায়ক হত্যাৰ প্ৰতিবাদত তেওঁ এজন ব্ৰিটিছ পুলিচ বিষয়াক হত্যা কৰাৰ উপৰি দিল্লীৰ কেন্দ্ৰীয় বিধান সভাত তেওঁ বোমা বিস্ফোৰণ ঘটাইছিল । সেই অপৰাধত ব্ৰিটিছে ১৯৩১ চনৰ ২৩ মাৰ্চৰ দিনা তেওঁক ফাঁচী দিয়ে । শ্বহীদগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট কণ্ঠশিল্পী লতা মংগেশকাৰৰ ওপজা দিন । ১৯২৯ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ ভাৰতৰ ইন্দোৰত তেওঁৰ জন্ম হৈছিল । তেওঁ ৩৬টাতকৈও অধিক দেশী-বিদেশী ভাষাৰ গীতত কণ্ঠদান কৰিছিল । তদুপৰি তেওঁ সহস্ৰাধিক চলচ্চিত্ৰৰ গীত গাইছিল । তেওঁ মাৰাঠী চলচ্চিত্ৰত অভিনয়ো কৰিছিল । ১৯৯৯ চনৰ ২২ নৱেম্বৰৰ পৰা ২০০৫ চনৰ ২১ নৱেম্বৰলৈ তেওঁ ৰাজ্যসভাৰ সদস্য আছিল । জীৱন কালত তেওঁ অনেক বঁটা-বাহন লাভ কৰে, তাৰ ভিতৰত ফিল্ম ফেয়াৰ বঁটা, দাদা চাহেব ফাল্কে বঁটা, ভাৰত ৰত্ন সন্মান আদি অন্যতম । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি প্ৰসিদ্ধ অসমীয়া উদ্যোগী তথা ব্যৱসায়ী ভোলানাথ বৰুৱাৰ ওপজা দিন । ১৮৫০ চনৰ আজিৰ দিনটোতে নগাঁৱৰ পুৰণিগুদামত তেওঁৰ জন্ম হৈছিল । তেওঁ প্ৰথমতে অন্নদাৰাম ফুকনৰ লগ লাগি বৰুৱা-ফুকন কোম্পানী খুলি চাহৰ ব্যৱসায় কৰিছিল । পিছলৈ কাঠৰ ব্যৱসায় কৰি ভাৰতৰ বিভিন্ন ঠাইলৈ ব্যৱসায় সম্প্ৰসাৰিত কৰিছিল । তেওঁক সাউদ বা সদাগৰ বোলা হৈছিল । তেওঁৰ আৰ্থিক দানেৰেই অসম চৰকাৰে প্ৰিন্স অব ৱেলছ টেকনিকেল স্কুল স্থাপন কৰে । তদুপৰি তেওঁ কাশীৰ হিন্দু বিশ্ববিদ্যালয়, কলিকতা বিশ্ববিদ্যালয়, বালিগঞ্জ ছোৱালী বিদ্যালয় আদিৰ লগতে বিশাখাপট্টনমৰ কিং জৰ্জ হাস্পতাললৈও আৰ্থিক বৰঙণি আগবঢ়াইছিল । হেমচন্দ্ৰ গোস্বামী সংকলিত ‘অসমীয়া সাহিত্যৰ চানেকী’ গ্ৰন্থখন প্ৰকাশৰ বাবেও তেওঁ অৰ্থসাহায্য প্ৰদান কৰিছিল । তেওঁৰ নামতেই পিছলৈ গুৱাহাটীত বি বৰুৱা মহাবিদ্যালয় স্থাপন কৰা হয় । এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ প্ৰণাম ।
আজি লোকসেৱক হলধৰ ভূঞাৰ ওপজা দিন । ১৮৯১ চনৰ আজিৰ দিনটোতে নগাঁৱৰ তেতেলিসৰা গাঁৱত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল এগৰাকী স্বাধীনতা সংগ্ৰামী তথা সমাজকৰ্মী । তেওঁ আছিল শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ অন্যতম জন্মদাতা । তেওঁ এগৰাকী বনদৰৱৰ চিকিৎসকো আছিল । এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ প্ৰণাম ।
আজি অসমৰ প্ৰথমগৰাকী আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী ছৈয়দা আনোৱাৰা টাইমুৰৰ স্মৃতি দিৱস । ১৯৭২ চনত তেওঁ প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছিল । সেইবাৰেই তেওঁ শৰৎচন্দ্ৰ সিংহ মন্ত্ৰীসভাত ৰাজ্যিক শিক্ষামন্ত্ৰীৰ দায়িত্ব পাইছিল । ১৯৮০ চনৰ ৬ ডিচেম্বৰৰ পৰা ১৯৮১ চনৰ ৩০ জুনলৈ তেওঁ অসমৰ মুখ্যমন্ত্ৰী হয় । ২০২০ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । নেত্ৰীগৰাকীলৈ আমাৰ প্ৰণাম ।