বিশ্বৰ মহাশক্তি হিচাপে আত্মপ্ৰকাশ কৰিবলৈ ৰঙা চীনে বিশ্বৰ বিভিন্ন প্ৰান্তত স্থাপন কৰিছে অসংখ্য অবৈধ আৰক্ষী থানা ৷ চীন চৰকাৰে কানাডা আৰু আয়াৰলেণ্ডৰ দৰে উন্নত দেশকে ধৰি সমগ্ৰ বিশ্বতে অসংখ্য অবৈধ আৰক্ষী থানা মুকলি কৰাক লৈ মানৱ অধিকাৰ কর্মীসকলৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে।
ইনভেষ্টিগেটিভ জাৰ্নেলিজম ৰিপ’ৰ্টিকা নামৰ সংবাদপত্ৰত প্ৰকাশ পোৱা অনুসৰি সমগ্ৰ কানাডাতে জনসাধাৰণৰ সুৰক্ষা ব্যুৰো (পি এছ বি)ৰ সৈতে জড়িত এনে অনানুষ্ঠানিক আৰক্ষী সেৱা কেন্দ্ৰসমূহ চীন বিৰোধীসকলক নিয়ন্ত্ৰণ কৰিবলৈ স্থাপন কৰা হৈছে।স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ফুঝৌৱে সমগ্ৰ কানাডাতে জনসাধাৰণৰ সুৰক্ষা ব্যুৰো (পিএছবি)ৰ সহযোগিতাত অনানুষ্ঠানিক আৰক্ষী সেৱা কেন্দ্ৰ স্থাপন কৰিছে। ইয়াৰে কমেও তিনিটা ষ্টেচন কেৱল গ্ৰেটাৰ টৰন্টো অঞ্চলত অৱস্থিত।
তদুপৰি চীন চৰকাৰে এই অবৈধ আৰক্ষী থানাৰ জৰিয়তে কিছুমান বিশেষ দেশৰ নিৰ্বাচনক প্ৰভাৱিত কৰিছে বুলি ইনভেষ্টিগেটিভ জাৰ্নেলিজম ৰিপ’ৰ্টিকাই প্ৰকাশ কৰিছে। ফুজৌ আৰক্ষীয়ে জনোৱা মতে, ইতিমধ্যে ২১খন দেশত এনে ৩০টা কেন্দ্ৰ খোলা হৈছে ৷
মানৱ অধিকাৰ কর্মীসকলে শাসকীয় চীনৰ কমিউনিষ্ট পাৰ্টিয়ে নিৰাপত্তাৰ নামত সমগ্ৰ দেশতে ব্যাপক নিৰ্যাতন সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে ৷ নাগৰিকক শিবিৰত আবদ্ধ কৰি ৰখা, পৰিয়ালৰ পৰা বলপূৰ্বকভাৱে পৃথক কৰা আৰু বলপূৰ্বকভাৱে বন্ধ্যাকৰণ কৰা আদিৰ দৰে গুৰুতৰ অভিযোগ এই মানৱ অধিকাৰ কর্মীসমূহে কৰি আহিছে ৷ শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্ত মিচেল বেচেলেটে চীন আৰু জিনজিয়াং ভ্ৰমণ কৰিছিল ৷