কেন্দ্ৰীয় চৰকাৰৰ কর্মচাৰীসকললৈ সুখবৰ ৷ কেবিনেটে বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে মৰগীয়া বানচ (ডিএ) পূৰ্বৰ ৩১ শতাংশৰ পৰা মূল দৰমহাৰ ৩৮ শতাংশলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱত অনুমোদন জনায় ৷ ২০২২ চনৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব এই ৪ শতাংশ বৃদ্ধি।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত হোৱা কেবিনেট কমিটিৰ অৰ্থনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠকত ডি এৰ অতিৰিক্ত কিস্তি মুকলি কৰাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয় ৷ যোৱা ১ জুলাইৰ পৰা বর্ধিত মৰগীয়া বানচৰ বকেয়াসহ কৰ্মচাৰীসকলক দৰমহা আদায় দিয়া হ’ব ৷
এই ঘোষণাই প্ৰায় ৪৭.৬৮ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু ৬৮.৬২ লাখ পেঞ্চনাৰক লাভান্বিত কৰিব ৷ অসামৰিক কৰ্মচাৰী আৰু প্ৰতিৰক্ষা সেৱাত নিয়োজিতসকলৰ ক্ষেত্ৰতো এই হাৰ প্ৰযোজ্য হ’ব ।ইয়াৰ পূৰ্বে মাৰ্চ মাহত কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডিএ আৰু পেঞ্চনাৰৰ বাবে ডিআৰ মূল দৰমহাৰ ৩ শতাংশৰ পৰা ৩৪ শতাংশলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছিল ৷