বিশিষ্ট লেখিকা, সমাজকৰ্মী মানসী আদিলৰ দ্বিতীয়খন কাব্য সংকলন ‘হৃদয়ৰ দুৱাৰ খুলি’ আজি উন্মোচন কৰা হয়। বিশিষ্ট শিক্ষাবিদ, মানকাচৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা মাৰ্ছিয়া আমিনে আজি আনুষ্ঠানিক ভাৱে কাব্য সংকলনখনি উন্মোচন কৰে। লেখক, সাংবাদিক আজিজুৰ ৰহমান শইকীয়াৰ পৰিচালনাত গ্ৰন্থকাৰৰ বাসভৱনত আয়োজিত মনোজ্ঞ অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে নামনি অসমত শিক্ষা প্ৰসাৰ আন্দোলনৰ বৌদ্ধা, মানকাচৰ গাৰ্লছ হায়াৰ চেকেণ্ডেৰী স্কুলৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা দিলোৱাৰা খন্দকাৰ, অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত অধীক্ষক অভিযন্তা,লেখক খন্দকাৰ মিনাৰুল আলম, ক্ৰীড়াবিদ তথা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া গজনাফৰ আদিল, শিল্পী মাহিৰা শইকীয়া।
গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এক বিশেষ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। এই অনুষ্ঠানত বিভিন্নজনে কবিতা আবৃত্তি, ৰবীন্দ্ৰ সঙ্গীত, নজৰুল ইছলামৰ গীত তথা আধুনিক গীত আদি পৰিৱেশন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। উল্লেখযোগ্য যে বিগত বৰ্ষত প্ৰকাশ পোৱা কাব্য সংকলন ‘অনুভূতি’ৰ পিছত আজি উন্মোচন হোৱা ‘হৃদয়ৰ দুৱাৰ খুলি’ মানসী আদিলৰ দ্বিতীয়খন প্ৰকাশিত কাব্য সংকলন।