আজি ভাৰতৰ সাহসী সন্তান ভগত সিঙৰ জন্ম জয়ন্তী। ভাৰতীয় শ্বহীদ গৰাকীৰ জন্মদিনৰ মাত্ৰ তিনিদিন আগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান ‘মন কি বাত’ত ঘোষণা কৰে যে চণ্ডিগড় বিমানবন্দৰৰ নাম ভগত সিঙৰ নামেৰে ৰখা হ’ব। প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে ভগত সিঙৰ জন্ম জয়ন্তীৰ ঠিক আগতে শ্ৰদ্ধাঞ্জলি হিচাপে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে।
উল্লেখযোগ্য যে পঞ্জাৱৰ ৰাইজে দীৰ্ঘদিন ধৰি দাবী কৰি আহিছিল যে চণ্ডিগড় বিমানবন্দৰৰ নাম ভগত সিং বিমানবন্দৰ ৰাখিব লাগে ।
ভাৰতবৰ্ষৰ সাহসী সন্তান শ্বহীদ ভগত সিঙৰ জন্ম হৈছিল ১৯০৭ চনৰ ২৮ ছেপ্টেম্বৰত লিয়লপুৰ জিলাৰ (বৰ্তমান পাকিস্তানত) বাঙাত । ভগত সিঙৰ জন্ম ১১৫ বছৰ আগতে হৈছিল আৰু ১৯৩১ চনৰ ২৩ মাৰ্চত লাহোৰত তেওঁক ফাঁচী দিয়া হয় । আজিৰ পৰা প্ৰায় ৯১বছৰ আগতে দেশৰ বাবে শ্বহীদ হৈছিল তেওঁ।
তেওঁ স্বাধীনতা সংগ্ৰামৰ বিপ্লৱী ধাৰাৰ সৈতে জড়িত আছিল। মাত্ৰ ২৩বছৰীয়া জীৱন কালতে তেওঁ এনে ধৰণৰ কাম কৰিছিল যে আজিও তেওঁক দেশৰ প্ৰতিগৰাকী মানুহে আদৰ্শ বুলি গণ্য কৰে ।
সাধাৰণতে দেখা যায় যে মানুহে তেওঁলোকৰ জীৱনৰ পৰিকল্পনা কৰে কিন্তু ভগত সিং আছিল ব্যতিক্ৰম । স্বাধীনতা আন্দোলনত, দেশৰ হকে প্ৰাণ ত্যাগ কৰা দেশৰ শ শ শ্বহীদ মাজত ভগত সিঙক শ্ৰেষ্ঠ বুলি গণ্য কৰা হৈছিল কাৰণ তেওঁ নিজৰ মৃত্যু সাহসেৰে স্বীকাৰ কৰিছিল। নিজৰ জীৱন ত্যাগ কৰি তেওঁ দেশৰ বাবে এক অনুপ্ৰেৰণা হৈ পৰিছিল আৰু তেওঁৰ মাত্ৰ ২৩বছৰীয়া এই জীৱনেও হাজাৰ হাজাৰ জীৱনৰ ওপৰত প্ৰভাৱ পেলাইছিল। তেওঁক শ্বহীদ-ই-আজম বুলি অভিহিত কৰা হৈছিল।
এটা দল আৰু সংগঠনৰ নহয় কিন্তু সমগ্ৰ দেশৰ জনসাধাৰণৰ প্ৰিয় ।
১৯২৯ চনৰ ৬ জুনত যেতিয়া বিপ্লৱীসকলক প্ৰতিনিধিত্ব কৰা প্ৰখ্যাত অধিবক্তা আৰু কংগ্ৰেছ নেতা আছুফ আলীয়ে ভগত সিঙৰ বক্তব্য এখন ভৰ্তি আদালতত পঢ়িছিল, পিছদিনা তেওঁৰ বক্তব্য সকলো বাতৰি কাকতত মুদ্ৰণ কৰা হৈছিল, দেশৰ বিপ্লৱীসকলক বুজাৰ প্ৰক্ৰিয়া নতুনকৈ আৰম্ভ হৈছিল।
এতিয়ালৈকে, ভগত সিঙৰ ওপৰত ৫০ খনতকৈও অধিক কিতাপ হিন্দী, ইংৰাজী আৰু অন্যান্য ভাষাত প্ৰকাশিত হৈছে। অসংখ্য প্ৰবন্ধ আৰু গৱেষণা পত্ৰও প্ৰকাশ কৰা হৈছে। ১৯৩১ চনৰ ২৩ মাৰ্চত যেতিয়া লাহোৰত ভগত সিঙক ফাঁচী দিয়া হৈছিল, পিছদিনা বহুতো বাতৰি কাকতত বিশেষ বিষয় প্ৰকাশ কৰা হৈছিল। কিতাপ আৰু পুস্তিকা লিখা হৈছিল। আনকি নিজৰ জীৱন ত্যাগ কৰাৰ পাছতো ভগত সিং আছিল জনপ্ৰিয়তাৰ শীৰ্ষত ।