কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ কৰা ইছলামিক গোট পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া (পিএফআই)ৰ টুইটাৰ একাউন্ট আৰু ইয়াৰ কেইবাজনো নেতাৰ ছ’চিয়েল মিডিয়া একাউণ্ট বন্ধ কৰা হৈছে ৷ পিএফআইৰ ফেচবুক পেজ আৰু ইনষ্টাগ্ৰাম প্ৰফাইলও এতিয়া উপলব্ধ নহয়।
সংস্থাটোৰ একাউণ্ট @PFIOfficial ৰ প্ৰায় ৮১ হাজাৰ অনুগামী আছে ৷ টুইটাৰত থকা পিএফআইৰ সভাপতি অ’এমএ ছালামৰ একাউণ্ট বন্ধ কৰি দিয়া হৈছে ৷ তেওঁৰ অনুগামী ৫০ হাজাৰতকৈ অলপ কম ৷ তদুপৰি সাধাৰণ সম্পাদক আনিছ আহমেদৰ প্ৰায় ৮৫ হাজাৰ অনুগামী আছে । সংগঠনটোক নিষিদ্ধ কৰাৰ পূর্বে যোৱা দুসপ্তাহত সমগ্ৰ দেশতে চলোৱা অভিযানত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ২০০ৰো অধিক ৷ ৰাষ্ট্ৰীয় তদন্ত সংস্থা আৰু অবৈধ ধনৰ সন্ধান কৰা এনফর্চমেণ্ট সঞ্চালকালয়ে অভিযোগ কৰিছে যে পিএফআইৰ ইছলামিক ষ্টেট সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক আছে আৰু তেওঁলোকে অস্ত্ৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছিল।
পিএফআইৰ ছাত্ৰ সংগঠন চৰকাৰৰ নিষিদ্ধকৰণৰ বিৰুদ্ধে আদালতলৈ যোৱাৰ পৰিকল্পনা কৰিছে ৷ তেওঁলোকে এই অভিযোগসমূহ অস্বীকাৰ কৰে অৱশ্যে চৰকাৰী ব্যৱস্থা গ্ৰহণৰ পিছত যথাযথভাৱে নিজৰ ইউনিটসমূহ পিএফআইয়ে ভংগ কৰে। বেআইনী কার্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত নিষিদ্ধ কৰা সংগঠনসমূহৰ ভিতৰত আছে ৰিহাব ইণ্ডিয়া ফাউণ্ডেশ্যন, কেম্পাছ ফ্ৰন্ট অৱ ইণ্ডিয়া, অল ইমামছ কাউন্সিল, নেচনেল কনফেডাৰেচন অৱ হিউমেন ৰাইটছ অৰ্গেনাইজেচন, নেচনেল উইমেন ফ্ৰণ্ট, জুনিয়ৰ ফ্ৰণ্ট, এম্পাৱাৰ ইণ্ডিয়া ফাউণ্ডেশ্যন আৰু ৰিহাব ফাউণ্ডেশ্যন, কেৰেলা।
তালিকাত নথকা পিএফআইৰ এটা ৰাজনৈতিক শাখা ছ’চিয়েল ডেম’ক্ৰেটিক পাৰ্টি অৱ ইণ্ডিয়া (এছডিপিআই)য়ে কয় যে এই নিষেধাজ্ঞা ভাৰতীয় গণতন্ত্ৰ আৰু সংবিধানে নিশ্চিত কৰা নাগৰিকৰ অধিকাৰৰ বাবে এক “প্ৰত্যাহ্বান”। তদন্তকাৰী সংস্থাসমূহে দাবী কৰিছিল যে পিএফআইয়ে ২০৪৭ চনৰ ভিতৰত ভাৰতত ইছলামিক শাসন স্থাপন কৰিব বিচাৰিছে ৷ এই অভিযোগৰ প্ৰমাণ হিচাপে “বোমা নিৰ্মাণৰ হাতপুথি” আৰু শাৰীৰিক শিক্ষাৰ গাইডবুক উদ্ধাৰ কৰা হৈছে বুলি তদন্তকাৰী শাখাই প্ৰকাশ কৰিছে ৷