অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল অনিল চৌহান হ’ব পৰৱৰ্তী চীফ অৱ ডিফেন্স ষ্টাফ(চিডিএছ) ৷ভাৰত চৰকাৰৰ সামৰিক পৰিক্ৰমা বিভাগৰ সচিব হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিব ৷ তেওঁ দায়িত্ব গ্ৰহণ কৰাৰ পাছত পৰৱৰ্তী আদেশ নোহোৱালৈকে এই পদত কর্মৰত হৈ থাকিব ৷ ৪০ বছৰৰ সামৰিক অভিজ্ঞতা থকা লেফটেনেণ্ট জেনেৰেল অনিল চৌহানে বিগত সময়ছোৱাত বিভিন্ন পদত কার্যনিবাহ কৰিছে ৷ তেওঁ কেইবাটাও কমাণ্ড, ষ্টাফ আৰু ইনষ্ট্ৰুমেণ্টেল পদত অধিষ্ঠিত হৈছিল। জম্মু-কাশ্মীৰ আৰু উত্তৰ-পূব ভাৰতত উগ্ৰবাদী বিৰোধী অভিযানৰ বিষয়েও তেওঁ যথেষ্ট জ্ঞান অছে ৷
১৯৬১ চনৰ ১৮ মে’ত জন্মগ্ৰহণ কৰা লেফটেনেণ্ট জেনেৰেল অনিল চৌহানে ১৯৮১ চনত ভাৰতীয় সেনাৰ ১১ গোৰ্খা ৰাইফলত যোগদান কৰে। তেওঁ নৰ্দাৰ্ণ কমাণ্ডৰ গুৰুত্বপূৰ্ণ বাৰামুলা অঞ্চলৰ এটা সংমণ্ডলৰ তদাৰক কৰিছিল। পৰৱৰ্তী সময়ত লেফটেনেণ্ট জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে তেওঁ উত্তৰ-পূবৰ এটা সেনাৰ তদাৰক কৰিছিল। ২০২১ চনৰ মে’ মাহত সামৰিক বাহিনীৰ পৰা অৱসৰ লোৱালৈকে তেওঁ ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং-ইন-চিফ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
বিষয়াগৰাকীয়ে এই নেতৃত্বৰ পদবীৰ উপৰিও সামৰিক অভিযানৰ সঞ্চালক প্ৰধানৰ পদকে ধৰি উল্লেখযোগ্য পদবীত অধিষ্ঠিত আছিল। ইয়াৰ পূৰ্বে বিষয়াগৰাকীয়ে এংগোলাত ৰাষ্ট্ৰসংঘৰ অভিযানত অংশ লৈছিল।অৱসৰৰ পিছতো তেওঁ কৌশলগত আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা বিষয়ত অৱদান আগবঢ়াই আহিছে ৷
সেনাবাহিনীত কৰা সন্মানীয় আৰু অসাধাৰণ সেৱাৰ বাবে লেফটেনেণ্ট জেনেৰেল অনিল চৌহান (অৱসৰপ্ৰাপ্ত)এ পৰম বিশিষ্ট সেৱা পদক, উত্তম যুদ্ধ সেৱা পদক, অতি বিশিষ্ট সেৱা পদক, সেনা পদক, আৰু বিশিষ্ট সেৱা পদক লাভ কৰে।