গুৱাহাটীৰ কোকেইন পাৰ্টীত গ্ৰেপ্তাৰ হোৱা বনমল্লিকা চৌধুৰীৰ পৰিচয় জানিলে আপোনাৰো চকু কপালত উঠিব। চৌধুৰী সামাজিক ভাৱে এগৰাকী অতি সচেতন মহিলা। নাৰীজনিত অপৰাধৰ লগতে মানৱ মুক্তি তথা সমাজৰ বিভিন্ন বৈষম্য-বিভ্ৰান্তিৰ বিৰুদ্ধে তেওঁ সততে মাত মাতি আহিছে। মিঞা কবিতাৰো পৃষ্ঠপোষক এইগৰাকী সমাজ মহিলা গুৱাহাটীৰ চান্দমাৰীস্থিত এনই থিং (NEthing) নামৰ অনুষ্ঠান এটাৰ সৈতেও জড়িত।
Women’s Leadership Training Centre নামৰ NGOৰ সৈতে সংপৃক্ত বনমল্লিকাই অসমৰ বিভিন্ন প্ৰান্তীয় অঞ্চলৰ অসংগঠিত মহিলা শ্ৰমিকসকলৰ হকে কাম কৰি আহিছে। কেৱল এয়াই নহয় তেখেতৰ সামাজিক মাধ্যমৰ পৃষ্ঠা খুলিলে আপুনি চৌধুৰীৰ সমাজ পৰিৱৰ্তনৰ চেতনা তথা বিপ্লৱৰ অনুমান পাব।
চৌধুৰীৰ দৰে ব্যক্তিক এনে ধৰণৰ পাৰ্টীত আৱিস্কাৰৰ ঘটনাই সমাজ সংস্কাৰকামী চেতনাৰ দুতলীয়া স্বৰূপ প্ৰতিফলিত কৰিছে বুলি বহুতে মন্তব্য কৰিছে। ড্ৰাগছৰ দৰে অবৈধ আৰু মাৰাত্মক বিষয় এটাৰে জড়িত হোৱা মুক্ততাৰ পৰিচায়ক নহয় এক ধৰণৰ হিপ’ক্ৰাইট মানসিকতা বুলিও একাংশই অভিযোগ কৰিছে। আনহাতে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা বনমল্লিকাৰ স্বামী নাচিফ আহমেদ দীৰ্ঘ দিন ধৰি ড্ৰাগছ সৰবৰাহত জড়িত বুলি জানিব পৰা গৈছে ।
বিগত কিছুদিন ধৰি অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে আৰক্ষীৰ হাতত বহুকেইজন ড্ৰাগছ মাফিয়া নিহত তথা গ্ৰেপ্তাৰ হৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰে আৰম্ভ কৰা অভিযানে এটা গতি লৈছে বুলি একাংশই মতামত ব্যক্ত কৰিছে।
আজিৰ তাৰিখত অসম তথা উত্তৰ-পূৰ্বাঞ্চল হিৰ’ইন, কোকেইনকে ধৰি বিভিন্ন প্ৰকাৰৰ ভাং-নিচাযুক্ত দ্ৰব্যৰ সক্ৰিয় কেন্দ্ৰ। ইণ্ড-ম্যানমাৰ সীমান্তলৈ ড্ৰাগছ সৰবৰাহৰ পৰিবহন পথ হিচাপে গণ্য কৰা অসমত আজিৰ তাৰিখত ৩ লাখৰো অধিক ড্ৰাগছ ব্যৱহাৰকাৰী আছে বুলি সমীক্ষাই কয়।
১৪ আগষ্টত গুৱাহাটীৰ এটা ফ্লেটত জন্মদিনৰ নামত ড্ৰাগছৰ উৎসৱ পতা কেইজনমান ব্যক্তিক লতাশিল থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইতিমধ্যে বিভিন্ন কাকতে-পত্ৰই এই সম্পৰ্কীয় বিতং বাতৰি প্ৰকাশ পাইছে।
খাৰঘূলিৰ “ৰিভেৰিয়া” নামৰ এপাৰ্টমেণ্টটোত গৃহ নিৰ্মানকাৰী ব্যৱসায়ী অমিত বৰুৱাৰ জন্মদিন পালন কৰিবলৈ লগ হোৱা একাংশ ব্যক্তিয়ে কোটিটকীয়া ড্ৰাগছ তথা অন্যান্য নিচাযুক্ত দ্ৰব্যৰ আমদানি ঘটাই মাজনিশালৈ নৃত্য-গীতত মচগুল হৈ থকাৰ সময়তে আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে।
ড্ৰাগছৰ কৱলত পৰি ভাৰতবৰ্ষৰ পাঞ্জাৱ, উত্তৰ প্ৰদেশ, দিল্লীৰ দৰে ৰাজ্যসমূহৰ প্ৰজন্মৰ পাছত প্ৰজন্ম ধ্বংসৰ কৱলত পৰিছে। অসম যাতে ড্ৰাগছৰ কেন্দ্ৰ হৈ নপৰে সেই চিন্তাৰে চৰকাৰে আৰম্ভ কৰা শূন্য সহনশীলতা নীতিলৈ অসমৰ সমাজ সেৱক তথা সচেতন মহলে সহযোগিতা আগবঢ়োৱা দৃষ্টিগোচৰ হৈছে।
ড্ৰাগছৰ কৱলত পৰি যুৱ প্ৰজন্ম ধ্বংস হৈছে ধৰণৰ সাধুকথা বা অভিযোগ এটা প্ৰায়েই উত্থাপিত হয়। এই ধৰণৰ চিন্তাকে সাৱটি বহি থকা এক ধৰণৰ সমাজ সচেতন ব্যক্তিৰ মাজত এতিয়া অমিত বৰুৱাৰ ঘৰুৱা ড্ৰাগছ পাৰ্টীয়ে উদ্বিগ্নতাৰ সৃষ্টি কৰিছে।
অমিত বৰুৱাৰ ড্ৰাগছৰ পাৰ্টীত আৱিস্কাৰ হোৱা ১৮ গৰাকী পুৰুষ-মহিলাৰ বয়স তথা সামাজিক স্থিতিৰ ছবিয়ে ৰাইজৰ চকু কপালত তুলিছে। উল্লেখযোগ্য যে নিষিদ্ধ ড্ৰাগছৰ বেহাৰে আনন্দ-তামাছাত মগ্ন এইসকল ব্যক্তিয়ে বিভিন্ন সামাজিক স্থানত অন্যায়ৰ বিৰুদ্ধে গৈ মাত মতাৰ দৰে আৰক্ষীৰ অভিযানৰো প্ৰতিবাদ কৰিছিল।
লতাশিল থানাৰ আলহী হোৱা এইসকল ব্যক্তি হ’ল, বিকাশ জৈন, নাছিফ আহমেদ, সুমিত কুমাৰ বেৰিয়া, চয়ন শইকীয়া, অমিত পেগু, অমিত বৰুৱা, অশোক বৰ্মন, হীৰেন্দ্ৰ সিনহা, ৰিদীপ বৰুৱা, সিদ্ধাৰ্থ বৰঠাকুৰ, নাছিফ আহমেদৰ পত্নী নৱমল্লিকা চৌধুৰী, ৰাকেশ বৰগোঁহাই, দেৱযানী হাজৰিকা, অমিত বৰুৱাৰ পত্নী জুবি বৰুৱা, ৰাকেশ বৰগোঁহাইৰ পত্নী নয়নিকা বৰুৱা, সুমিত কুমাৰ বেৰিয়াৰ পত্নী দেৱৰ্ষি বৰুৱা, ৰিদীপ বৰাৰ পত্নী নিমিষা ভূঞা, আৰু পংকজ কাকতি।
সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত নাছিফ আহমেদৰ নাম পূৰ্বতেও ড্ৰাগছ সৰবৰাহৰ সৈতে সাঙুৰ খাইছিল। অৱশ্যে বিভিন্ন কাৰণত এনোবোৰ কথা প্ৰায়েই সমাজৰ আঁৰত ৰৈ যায়।
৩২ৰ পৰা ৫৫ বছৰ বয়সৰ এইসকল ব্যক্তিয়ে সমাজ গঠনৰ ক্ষেত্ৰত কি ভূমিকা লৈছে লগতে তেওঁলোকৰ হাই প্ৰফাইল ষ্টেটাছে কিমান দূৰলৈ আইনী আওতাত ৰাখিব সেই লৈও চৰ্চা হৈছে।
উল্লেখনীয় যে কৰ্তব্যত অৱহেলা কৰাৰ অভিযোগত মহানগৰ আৰক্ষী বিভাগে গুৱাহাটী ৰেভ পাৰ্টি গোচৰৰ এজন তদন্তকাৰী বিষয়াক নিলম্বন কৰে। বিষয়াজন লতাশিল আৰক্ষী থানাৰ এ এছ আই তাৰাপ্ৰসাদ সিং বুলি জানিব পৰা গৈছে।