সমাজত বহু সময়ত বিভিন্ন ধৰণে শোষিত হৈ আহিছে আমাৰ নাৰীসকল ৷ সেই শোষণৰ এক জলন্ত উদাহৰণ হৈছে এচিদ আক্ৰমণ ৷ বহু সময়ত বহু প্ৰতিভাৱান যুৱতীৰ জীৱনলৈ এচিড আক্ৰমণৰ যোগেদি অন্ধকাৰ নমাই আনিছে সমাজৰ এছাম অসাধু লোকে ৷ কিন্তু এনেধৰণৰ ভয়াবহ আক্ৰমণৰ বলী হোৱাৰ পিছতো ৰৈ যোৱা নাই বহু নাৰী ৷ নিজৰ জীৱনক এক সংগ্ৰাম হিচাপে লৈ আগবাঢ়িছে তেওঁলোক ৷ অৱশ্যে এইক্ষেত্ৰত তেওঁলোকলৈ সহায়ৰ হাত আগবঢ়াইছে কিছু মানৱ দৰদী লোক বা সংগঠনেও ৷
‘আৰা লুমিয়েৰ’ হৈছে তেনে এক ফেশ্বন ব্ৰেণ্ড যি এচিড আৰু জুয়ে পোৰা লোকসকলে হাতেৰে তৈয়াৰ কৰা পোছাকৰ জৰিয়তে এচিড আৰু জুয়ে পোৰা ভুক্তভোগীসকলক শক্তিশালী কৰাৰ লগতে বিশেষকৈ এনে আক্ৰমণৰ পৰা উদ্ধাৰ হোৱা লোকসকলৰ দ্বাৰা অধিক পোছাক প্ৰস্তুত কৰে।
এচিড আক্ৰমণ নাইবা জুয়ে পোৰাৰ ভয়াবহতাৰ পৰা উদ্ধাৰ হোৱা লোকসকলে সৃষ্টি কৰা তেনেধৰণৰ বিশেষ ডিজাইনবোৰে শেহতীয়াকৈ ‘মিলান ফেশ্বন সপ্তাহ’ত জয় লাভ কৰাৰ বাতৰিয়ে সমাজলৈ অৱশ্যেই এক যোগাত্মক বাৰ্তা কঢ়িয়াবলৈ সক্ষম হৈছে ।
উল্লেখযোগ্য যে আৰা লুমিয়েৰ ব্ৰেণ্ডৰ অধীনত থকা ‘মিলান ফেশ্বন সপ্তাহ’ত জয় লাভ কৰিবলৈ সক্ষম হোৱা এই ডিজাইনবোৰ ‘কুলচুম শাদাব ৱাহাব’ৰ পৰামৰ্শদাতাৰ অধীনত হোথুৰ ফাউণ্ডেচনৰ দ্বাৰা একত্ৰিত কৰা হৈছিল।