আজি বিশিষ্ট সাংবাদিক তথা সাহিত্যিক ৰাধিকামোহন ভাগৱতীৰ স্মৃতি দিৱস । বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ জামুগুৰি উচ্চ ইংৰাজী বিদ্যালয় আৰু গুৱাহাটীৰ সোণাৰাম উচ্চ ইংৰাজী বিদ্যালয়ত দুবছৰ শিক্ষকতা কৰে । ১৯৫৮ চনত তেওঁ হৰেন্দ্ৰ নাথ বৰুৱাৰ দ্বাৰা সম্পাদিত ‘নতুন অসমীয়া’ কাকতত উপ-সম্পাদক হিচাপে সাংবাদিক জীৱনৰ পাতনি মেলে । ১৯৬০ চনত তেওঁ ‘ৰামধেনু’ আলোচনীৰো সম্পাদকৰ দায়িত্ব লয় । তাৰ পিছত তেওঁ আজিৰ দৈনিক বাতৰি, আজিৰ অসম, দ্য ছেণ্টিনেল (হিন্দী) আৰু দৈনিক অসম কাকতৰ সম্পাদক হয় । অসমীয়া সাহিত্য জগতলৈও তেওঁ প্ৰায় ১৯খন গ্ৰন্থৰে বৰঙণি আগবঢ়াই থৈ গৈছে । তাৰ ভিতৰত ৰক্তজৱা, বনৰীয়া ফুল, এজন ৰজা আছিল আদি গ্ৰন্থ অন্যতম । আমাৰ বাতৰি কাকতৰ কাহিনী নামৰ গ্ৰন্থৰ বাবে তেওঁ সাহিত্য অকাডেমিৰ অনুবাদ বঁটাও (১৯৯১) লাভ কৰে । ১৯১৭ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । সাংবাদিক, সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট শিশু-সাহিত্যিক গগন চন্দ্ৰ অধিকাৰীৰ স্মৃতি দিৱস । ভাৰতীয় জীৱন বীমা নিগমৰ বিষয়া হিচাপে কৰ্ম জীৱনৰ পাতনি মেলি ১৯৬৭ চনত অসম চৰকাৰৰ সহকাৰী নিয়োগ বিষয়া হিচাপে যোগদান কৰি ১৯৯৯ চনত নিয়োগ বিভাগৰ যুটীয়া সঞ্চালক (ভাৰপ্ৰাপ্ত) হিচাপে অৱসৰ গ্ৰহণ কৰে । তেওঁ ছয়গাঁও মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষও আছিল । চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতেই তেওঁৰ প্ৰথমটো পদ্য ‘মিনতি’ প্ৰকাশ পাইছিল ‘সাদিনীয়া অসমীয়া’ কাকতত । অসমীয়া শিশু-সাহিত্যৰ জগতখনলৈ প্ৰভূত বৰঙণি আগবঢ়াই থৈ যোৱা অধিকাৰীৰ টকাত একোটা হাতী, ৰ’দালি এ ৰ’দ একণ দে, আখৰৰ গীত, টৰ্চ মৰা মহ আদি জনপ্ৰিয় শিশু-গ্ৰন্থ । ২০১০ চনত তেওঁ সাহিত্য অকাডেমিৰ শিশু-সাহিত্য বঁটা লাভ কৰে । ২০২০ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । শিশু-সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট কবি মীৰা ঠাকুৰৰ ওপজা দিন । কবিগৰাকীলৈ জনালোঁ ওপজা দিনৰ ওলগ ।