শুকুৰবাৰে পুৱতি নিশা এটা ভূমিকম্পৰ জোকৰণি অনুভুত হয় অসমসহ উত্তৰ পূর্বাঞ্চলত ৷ মণিপুৰ, নাগালেণ্ড, নামনি অসমকে ধৰি উত্তৰ-পূবৰ কিছু অংশত এই জোকৰণি অনুভৱ কৰা হয় ৷ ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৫.২ ৷ ইয়ৰ অভিকেন্দ্ৰ আছিল ম্যানমাৰ ৷
নেশ্যনেল চেণ্টাৰ ফৰ ছিজম’লজিৰ তথ্য অনুসৰি পুৱা ৩:৫২ বজাত ১৪০ কিলোমিটাৰ গভীৰতাত ম্যানমাৰত ভূমিকম্পৰ সৃষ্টি হয়। উত্তৰ অক্ষাংশ ২৩.০৯ ডিগ্ৰী আৰু পূব দ্ৰাঘিমাংশত ৯৫.০১ ডিগ্ৰী ভূমিকম্পৰ কেন্দ্ৰ নিৰীক্ষণ কৰা হৈছিল। ভূমিকম্পৰ ফলত উত্তৰ-পূবৰ কেইবাটাও অঞ্চলত কঁপনি অনুভৱ হয়। এই পৰ্যন্ত কোনো লোক হতাহত হোৱা নাই।