বৃহস্পতিবাৰে সন্ধিয়া দিল্লীৰ হলি ফেমিলি হস্পিতালত সংঘটিত হয় এক ভয়াৱহ ঘটনা ৷ হস্পিতালখনত জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষার্থীক আন এগৰাকী শিক্ষার্থীয়ে গুলীচালনা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ । বিশ্ববিদ্যালয় চৌহদত আৰম্ভ হোৱা কাজিয়াৰ ফলতে এই গুলীচালনাৰ ঘটনা সংঘটিত হোৱা বুলি আৰক্ষীয়ে জনায়।
গুলীচালনাত নৌমান আলী নামৰ ছাত্ৰ গৰাকীয়ে মূৰত আঘাত পাইছে ৷ পূর্বে জামিয়াৰ পুথিভঁৰালত দুটা দলৰ ছাত্র-ছাত্রীৰ মাজত হোৱা কাজিয়াত মূৰত আঘাত পোৱা বন্ধু নোমন চৌধুৰীক সাক্ষাৎ কৰিবলৈ তেওঁ চিকিৎসালয়লৈ আহিছিল৷ কাজিয়াত লিপ্ত হোৱা ছাত্ৰ জালালে একাংশ বন্ধু-বান্ধৱীৰ সৈতে চিকিৎসালয়ত উপস্থিত হৈ জৰুৰীকালীন ৱাৰ্ডৰ বাহিৰত নৌমান আলীৰ ওপৰত গুলীচালনা কৰে বুলি আৰক্ষীয়ে জনায়।
চিকিৎসালয়খনে সদৰী কৰা অনুসৰি -“স্থানীয় অঞ্চলটোত দুটা গোটৰ মাজত সংঘৰ্ষ সংঘটিত হৈছিল আৰু কিছু আহত লোকক হাস্পতালৰ ইমাৰ্জেন্সীলৈ অনা হৈছিল। ইমাৰ্জেন্সীত সংঘটিত গুলীচালনাৰ ঘটনাত কোনো দৰ্শক, আন ৰোগী বা চিকিৎসালয়ৰ কৰ্মচাৰী আহত হোৱা নাছিল।“ নৌমান আলীক এইমছ ট্ৰমা চেণ্টাৰলৈ স্থানান্তৰ কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে এটা দলে অপৰাধস্থলী পৰিদৰ্শন কৰি আছে।