বিভিন্ন কৰৰ বোজাত আপুনি ভাৰাক্ৰান্ত হৈ পৰিছে নেকি ? যদি পৰিছে আপোনাৰ বাবে আছে আন এক দুখবৰ ৷ যদি আপুনি গৃহ অথবা গাড়ী ক্ৰয়ৰ বাবে বেংকৰ ঋণ লৈছে তেন্তে আপোনাৰ ব্যয় এতিয়াৰ পৰা অধিক বৃদ্ধি পাব ৷ কিয়নো মুদ্ৰাস্ফীতি ৰোধৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে নিজৰ মূল ঋণৰ হাৰ ৫০ বেছিছ পইণ্ট বৃদ্ধি কৰি ৫.৯০ শতাংশলৈ বৃদ্ধি কৰাৰ কথা আজি ঘোষণা কৰিছে ৷ বিগত তিনি বছৰৰ ভিতৰত এয়া সৰ্বোচ্চ ৰেপ’ৰেট ৷
ৰিজার্ভ বেংকৰ তিনিজন সদস্য আৰু তিনিজন বাহিৰৰ সদস্যৰে গঠিত মুদ্ৰানীতি সমিতিয়ে (এমপিচি) মূল ঋণৰ হাৰ বা ৰেপো হাৰ ০.৫ শতাংশ বৃদ্ধি কৰি ৫.৯০ শতাংশলৈ বৃদ্ধি কৰে ৷ ছয়জনৰ ভিতৰত পাঁচজন সদস্য়ই ৰেপ’ ৰেট বৃদ্ধিত সন্মতি প্ৰদান কৰে ৷
ইয়াৰ পূর্বে মে’ মাহত ৪০ বেছিছ পইণ্ট বৃদ্ধিৰ পিছত এইবাৰ একেৰাহে চতুৰ্থবাৰৰ বাবে এই হাৰ বৃদ্ধি কৰা হৈছে ৷ মুঠতে কেন্দ্ৰীয় বেংকৰ প্ৰতিমাহে ৬ শতাংশৰ ওপৰত থকা ঘৰুৱা খুচুৰা মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিবলৈ মে’ মাহৰ পৰা আৰ বি আইয়ে বেঞ্চমাৰ্ক হাৰ ১.৯০ শতাংশ বৃদ্ধি কৰিছে। ইয়াৰ লগে লগে বিভিন্ন ৃণৰ কিস্তিৰ পৰিমান পুনৰ বৃদ্ধি পাব ৷ আৰ বি আইৰ গৱৰ্ণৰ শক্তিকান্ত দাসে কয় যে চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয়াৰ্ধত মুদ্ৰাস্ফীতি প্ৰায় ৬ শতাংশ হোৱাৰ সম্ভাৱনা আছে ৷