আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আইচিচিয়ে শুকুৰবাৰে আগন্তুক টি-২০ বিশ্বকাপ ২০২২ৰ বাবে পুৰস্কাৰৰ হিচাপে প্ৰদান কৰিবলগীয়া ধনৰ পৰিমান ঘোষণা কৰে ৷ টি-২০ খিতাপ বিজয়ীসকলে এইবাৰ ট্ৰফীৰ লগত লাভ কৰিব ১৬ লাখ মাৰ্কিন ডলাৰ। ভাৰতীয় মূল্যৰ হিচাপত এই মূল্য হৈছে ১৩,০৬,৩০,২৮০ টকা ৷ ক্ৰিকেট সংস্থাটোৱে এক আনুষ্ঠানিক সংবাদ মেলত কয় – “ ১৩ নৱেম্বৰত মেলবৰ্ণত অনুষ্ঠিত হ’বলগীয়া আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২২ত বিজয়ী দলটোৱে ১৬ লাখ মাৰ্কিন ডলাৰৰ পুৰস্কাৰ লাভ কৰিব ৷ ৰানাৰ্ছ আপ দলটোক ইয়াৰ আধা পৰিমাণৰ প্ৰাইজমাণী প্ৰদান কৰা হ’ব ৷”
প্ৰায় এমাহ চলিবলগীয়া ১৬টা দলৰ প্ৰতিযোগিতাখনৰ শেষত পৰাজিত ছেমি ফাইনেলিষ্টসকলে প্ৰত্যেকেই মুঠ পুৰস্কাৰৰ পৰা ৪ লাখ মাৰ্কিন ডলাৰ লাভ কৰিব ।
ছুপাৰ ১২ পৰ্যায়ত বাহিৰ হোৱা আঠটা দলে লাভ কৰিব ৭০ হাজাৰ মাৰ্কিন ডলাৰকৈ। যোৱা বছৰৰ দৰেই আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২১ত ছুপাৰ ১২ পৰ্যায়ৰ ৩০খন খেলৰ প্ৰতিখনতে জয়ৰ মূল্য হ’ব ৪০ হাজাৰ মাৰ্কিন ডলাৰ।
আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা অনুসৰি ছুপাৰ ১২ পৰ্যায়ত পোনপটীয়াকৈ স্থান লাভ কৰা আঠটা দল হৈছে আফগানিস্তান, অষ্ট্ৰেলিয়া, বাংলাদেশ, ইংলেণ্ড, ভাৰত, নিউজিলেণ্ড, পাকিস্তান আৰু দক্ষিণ আফ্ৰিকা।
আন আঠটা দল নামিবিয়া, শ্ৰীলংকা, নেদাৰলেণ্ড, ইউ এ ই ,ৱেষ্ট ইণ্ডিজ, স্কটলেণ্ড, আয়াৰলেণ্ড আৰু জিম্বাবুৱেক বি গ্ৰুপত অন্তর্ভুক্ত কৰা হৈছে ৷ চাৰিজনীয়া দুটা গ্ৰুপত বিভক্ত হৈ এই দলকেইটাই প্ৰথম ৰাউণ্ড খেলিব। প্ৰথম ৰাউণ্ডত যিকোনো মেচত জয়ৰ বাবে ৪০ হাজাৰ মাৰ্কিন ডলাৰৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব ৷ মুঠ ১২খন মেচৰ পৰিমাণ ৪ লাখ ৮০ হাজাৰ মাৰ্কিন ডলাৰ। প্ৰথম ৰাউণ্ডত নক আউট হোৱা চাৰিটা দলে লাভ কৰিব ৪০ হাজাৰ মাৰ্কিন ডলাৰকৈ