দেশত আনুষ্ঠানিকভাৱে আজিৰ পৰা আৰম্ভ হ’ল ৫ জি সেৱা ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীত এক অনুষ্ঠানত আজি ভাৰতত এই সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে। এই সেৱাই অহা দুবছৰমানৰ ভিতৰত ক্ৰমান্বয়ে সমগ্ৰ দেশকে সামৰি ল’ব ৷ নতুন দিল্লীৰ প্ৰগতি ময়দানত অহা ৪ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়া মোবাইল কংগ্ৰেছ ২০২২ৰ ষষ্ঠ সংস্কৰণত প্ৰধানমন্ত্ৰীয়ে এই বহু প্ৰত্যাশিত সেৱা আৰম্ভ কৰে। দীপাৱলীৰ পিছত ভাৰতৰ ১৩খন চহৰত উপলব্ধ হ’ব ৫জি সেৱা।
প্রদর্শনী উদ্বোধন কৰাৰ পাছত প্রধানমন্ত্রী মোদীয়ে বিভিন্ন টেলিকম অপাৰেটৰ আৰু প্রযুক্তি প্রদানকাৰীয়ে স্থাপন কৰা পেভিলিয়ন পৰিদর্শন কৰি ৫ জি সেৱাই কি কৰিব পাৰে তাৰ প্রত্যক্ষ অভিজ্ঞতা লাভ কৰে৷
টেলিকম মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু ৰিলায়েন্সৰ মুৰব্বী মুকেশ আম্বানী, ভাৰতী এয়াৰটেলৰ মুৰব্বী সুনীল ভাৰতী মিট্টাল, আৰু ভোডাফোন আইডিয়াৰ মুৰব্বী কুমাৰ মংগলম বিৰলাই তেওঁক সংগ দিয়ে ৷
এক বিবৃতিত আয়োজনকাৰী সংস্থাই কয় -“৫জিয়ে নতুন অৰ্থনৈতিক সুযোগ আৰু সমাজলৈ এক নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব ৷ ই দেশখনক উন্নয়নৰ ক্ষেত্ৰত পৰম্পৰাগত বাধাসমূহ নেওচি ষ্টাৰ্টআপ আৰু ব্যৱসায়িক উদ্যোগসমূহৰ উদ্ভাৱনক প্ৰেৰণা দিয়াৰ লগতে ‘ডিজিটেল’ ক্ষেত্ৰখনক আগুৱাই নিব।’ বিশেষজ্ঞসকলে প্ৰকাশ কৰা অনুসৰি ৫ জি প্ৰযুক্তিয়ে ভাৰতক বহুখিনি উপকৃত কৰিব। মোবাইল নেটৱৰ্ক অপাৰেটৰক প্ৰতিনিধিত্ব কৰা বিশ্বব্যাপী উদ্যোগ সংস্থাৰ শেহতীয়া প্ৰতিবেদনত অনুমান কৰা হৈছে যে ২০২৩ চনৰ পৰা ২০৪০ চনৰ ভিতৰত ই ভাৰতীয় অৰ্থনীতিক ৩৬.৪ ট্ৰিলিয়ন (৪৫৫ বিলিয়ন ডলাৰ) লাভৱান কৰাৰ সম্ভাৱনা আছে।
শেহতীয়াকৈ অনুষ্ঠিত হোৱা ভাৰতৰ টেলিকম স্পেকট্ৰামৰ নিলামে অভিলেখসংখ্যক ১.৫ লাখ কোটিৰ দৰ লাভ কৰিছিল ৷ কেন্দ্ৰীয় যোগাযোগ, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে পূৰ্বে প্ৰকাশ কৰিছিল যে চৰকাৰে দেশত ৫জি টেলিকম সেৱাৰ ৮০ শতাংশ কম সময়ৰ ভিতৰতে সামৰি লোৱাৰ লক্ষ্য বান্ধি লোৱা হৈছে ৷