নিজৰ দেশখনৰ বাহিৰেও আমি সাধাৰণতে আন দেশৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ প্ৰতি সদায়েই আকৰ্ষিত হওঁ ৷ তেতিয়াই সেই ঠাইবোৰত অৱসৰ কটোৱাৰ বাবে আমাৰ মন যায়। কিন্তু বিদেশলৈ যোৱাৰ পৰিকল্পনা কৰোঁতে আমি বাজেট আৰু সময় দুয়োটা কথাই মন কৰিব লাগিব। সেয়েহে অৱসৰৰ সময় কটাবলৈ আমি এনে কিছুমান ঠাই বাচি ল’ব পাৰোঁ যি দেশত ভাৰতীয় টকাৰ মূল্য অধিক আৰু এই দেশবোৰলৈ গৈ আমি বিদেশ ভ্ৰমণৰ সপোনো সহজেই পূৰণ কৰিব পাৰোঁ।
জিম্বাবোৱে:
জিম্বাবোৱে তেনে এখন মনোমোহা দেশ। য’ত ভাৰতীয় টকাৰ মূল্য ৫.৮৫ ডলাৰ ৷ সেয়েহে এইখন দেশত আপুনি কম খৰছতেই উপভোগ কৰিব পাৰে বহুখিনি সুবিধা ৷ আপুনি বাচি ল’ব পাৰে উৎকৃষ্ট বাসস্থান, উৎকৃষ্ট খাদ্য আৰু বিদেশী চাফাৰীও ।
কম্বোডিয়াঃ
প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ হৈছে এইখন দেশৰ নাম ৷ ভাৰতীয় সকলৰ ভ্ৰমণৰ বাবে ই এক উপযুক্ত স্থান। ইয়াৰ ঘন সেউজীয়া অৰণ্যই সকলো সময়তে সকলোকে আকৰ্ষিত কৰে। এই ঠাইখন যথেষ্ট সুলভ। কম্বোডিয়াৰ ৬৩.৯৩ ৰিল ভাৰতৰ ১ টকাৰ সমান।
আইচলেণ্ড:
আইচলেণ্ড বিশ্বৰ আটাইতকৈ ধুনীয়া ঠাইবোৰৰ ভিতৰত এখন অন্যতম দেশ। ভাৰতীয় টকাৰ মুল্য অধিক হোৱা বাবে এইখন দেশলৈ গ’লে ভাৰতীয় সকলে নিজকে ধনী অনুভৱ কৰিব পাৰে। ইয়াত ভাৰতীয় টকাৰ মূল্য ১.৮৭ আইচলেণ্ডিক ক্ৰ’ন।
ভিয়েটনাম:
ভিয়েটনাম এখন এনে দেশ য’ত ভাৰতীয় টকা অধিক শক্তিশালী। ভিয়েটনামত এজন ভাৰতীয় ব্যক্তিয়ে নিজকে অধিক শক্তিশালী যেন অনুভৱ কৰিব পাৰে ৷ ইয়াত ভাৰতৰ এক টকাৰ মূল্য প্ৰায় ৩৩৮.৩৫ ডঙৰ সমান।