ৰাষ্ট্ৰীয় গংগা পৰিস্কাৰকৰণ অভিযানৰ অধীনত আজি ১৪ টা প্ৰকল্পত অনুমোদন দিয়া হৈছে ৷ এই প্ৰকল্পসমূহৰ মুঠ ব্যয় হ’ব ১১৪৫ কোটি ৷ অভিযানৰ সঞ্চালক প্ৰধান জি অশোক কুমাৰৰ সভাপতিত্বত কাৰ্যনিৰ্বাহক সমিতিৰ ৪৫ সংখ্যক বৈঠকত প্ৰকল্পসমূহত অনুমোদন দিয়া হৈছে ৷ শনিবাৰে জাল শক্তি মন্ত্ৰালয়ে এই কথা সদৰী কৰিছে ৷
অনুমোদিত প্ৰকল্পসমূহ হৈছে নলা-নৰ্দমা ব্যৱস্থাপনা, ঔদ্যোগিক প্ৰদূষণ হ্ৰাস, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, বনানীকৰণ, নদীৰ সন্মুখৰ উন্নয়ন আৰু বিকেন্দ্ৰীকৃত বর্জ্য পানী পৰিশোধনৰ সৈতে জড়িত ৷ ইয়াৰ ভিতৰত উত্তৰাখণ্ড, উত্তৰ প্রদেশ, বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিমবংগৰ নলা-নৰ্দমা ব্যৱস্থাপনাৰ আঠটা প্ৰকল্প অন্তৰ্ভুক্ত কৰা হৈছে ৷ নলা-নৰ্দমা ব্যৱস্থাপনাৰ বাবে ৫৫ এমএলডি নলা পৰিশোধন প্লাণ্ট নিৰ্মাণ কৰি বাৰাণসীৰ আছি ড্ৰেইন টেপিঙকে ধৰি উত্তৰ প্ৰদেশৰ চাৰিটা প্ৰকল্পত অনুমোদন জনোৱা হয়।
উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ আৰু ঝাৰখণ্ডৰ বাবেও ২টাকৈ এছটিপি (১৭টা এমএলডি আৰু ২৩টা এমএলডি) নিৰ্মাণকে ধৰি নলা-নৰ্দমা ব্যৱস্থাপনাৰ এটা প্ৰকল্প অনুমোদন কৰা হৈছে।
উত্তৰাখণ্ডৰ ডেৰাডুনৰ সাপেৰা বস্তিত ১৩ টা এম এল ডি এছ টি পি নিৰ্মাণ আৰু অন্যান্য কামৰ বাবেও প্ৰকল্প অনুমোদন কৰা হয় ৷ ইযাৰ বাবে ব্যয় হ’ব ৫০ লাখ টকা। উত্তৰ প্ৰদেশৰ চাৰিখন জিলা ক্ৰমে হাপুৰ, বুলন্দশ্বাহৰ, বদৌন আৰু মিৰ্জাপুৰত চাৰিখন জৈৱ বৈচিত্ৰ্য উদ্যান স্থাপনৰ বাবেও এক বৃহৎ প্ৰকল্পত আনুমানিক ব্যয়ৰ বাবে অনুমোদন জনোৱা হৈছে।ইয়াৰ বাবে ২৪.৯৭ কোটি টকা ধার্য কৰা হৈছে।