মহাষষ্ঠীৰ বেদীত দুৰ্গতিনাশিনী মা দুৰ্গা দেৱীৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিচতেই আজি মহাসপ্তমীৰ পূজাৰ উখলমাখল দেখিবলৈ পোৱা গৈছে৷ দেৱী দুৰ্গাৰ কালৰূপক আজি পূজা অৰ্চনা আগবঢ়োৱা হব৷ দুধনৈ সাৰ্বজনীন দুৰ্গা পূজাথলীতো দেখিবলৈ পোৱা গৈছে ভক্তপ্ৰাণ ৰাইজৰ উলাহৰ ধল৷ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলন ভূমিত পৰিণত হোৱা দুধনৈ সাৰ্বজনীন পূজা সমিতিয়ে ধৰ্মধ্বজা উত্তোলনৰ লগতে বৰ্নাঢ্য শোভাযাত্ৰাৰে দুধনৈ চহৰ পৰিভ্ৰমণ কৰে৷ এই শোভাযাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতি উপস্থাপন কৰাৰ উপৰিও জীৱন্ত দুৰ্গা লৈ দুধনৈ চহৰ পৰিভ্ৰমণ কৰে ৷ দুধনৈৰ কেইবাগৰাকী শিল্পীৰ দ্বাৰা জীৱন্ত দুৰ্গা, মহিষাসুৰ, কাৰ্তিক, লক্ষ্মী, গণেশৰ সাজ-পাৰ পৰিধান কৰি নগৰ পৰিভ্ৰমণ কৰে ৷ দুধনৈৰ ১২ খন পূজা মণ্ডপৰ সমিটি সমূহে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ৷