আজি বিশিষ্ট সাংবাদিক তথা সাহিত্যিক তিলক হাজৰিকাৰ ওপজা দিন । ১৯২১ চনৰ আজিৰ দিনটোতে শিৱসাগৰত তেওঁৰ জন্ম হৈছিল । নগাঁৱৰ কুঁৱৰীটোল উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰে কৰ্মজীৱনৰ আৰম্ভণি কৰা তিলক হাজৰিকাই ১৯৫১ চনত ‘নতুন অসমীয়া’ কাকতত উপ-সম্পাদক হিচাপে যোগদান কৰি সাংবাদিকতাৰ জগতখনলৈ আহে । তাৰ পিছত তেওঁ সুদীৰ্ঘ প্ৰায় তিনি কুৰি বছৰ ধৰি ক্ৰমে অসম বাণী, সাদিন, অসমীয়া প্ৰতিদিন আদি কাকতত সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰে । তেওঁৰ সাহিত্য কৃতি ক্ৰমে আড্ডা, কত কথা আৰু আবেলিৰ ছাঁ আদি । ‘ফণীশ্বৰ নাথ ৰেণুৰ শ্ৰেষ্ঠ কাহিনী’ৰ বাবে তেওঁ ১৯৯৬ চনত সাহিত্য অকাডেমি অনুবাদ সাহিত্য বঁটা লাভ কৰে । সাংবাদিক, সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট চিন্তাবিদ, সাহিত্যিক শশী শৰ্মাৰ ওপজা দিন । ১৯৩০ চনৰ আজিৰ দিনটোতে নলবাৰী জিলাৰ জানিগোগ গাঁৱৰ কৰৈবাৰী চুবুৰিত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল এগৰাকী বাঁওপন্থী বুদ্ধিজীৱী । ১৯৫৪ চনৰ পৰা ১৯৬১ চনলৈ তেওঁ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ত শিক্ষকতা কৰাৰ পিছত ১৯৬১ চনত নলবাৰী মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰি তাৰ পৰাই ১৯৯৩ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে । তেওঁ এগৰাকী স্বাধীনতা সংগ্ৰামীও আছিল । গান্ধীজীৰ ‘বিদেশী বৰ্জন, স্বদেশী গ্ৰহণ’ নীতি পালন কৰি ঘৰতে সূতা কাটি কাপোৰ বৈ পিন্ধাৰ পৰম্পৰা গঢ়ি উঠিছিল তেওঁৰ ঘৰখনত । তেওঁ শতাধিক মূল্যবান গ্ৰন্থ লিখি থৈ গৈছে । তাৰ ভিতৰত ৰসৰাজ বেজবৰুৱা : জীৱন আৰু কৃতি, ধৰ্ম আৰু সমাজ, অসমৰ লোক সাহিত্য, সাহিত্যত বিৱৰ্তন আদি অন্যতম । তেওঁ বহুভাষিক অভিধান এখনৰ কাম কৰি আছিল যদিও পাণ্ডুলিপি অৱস্থাতে থাকিল । তেওঁৰ ‘মেক্সিম গৰ্কী’ গ্ৰন্থৰ বাবে তেওঁ ছোভিয়েট দেশ নেহৰু বঁটা লাভ কৰিছিল । ‘অসমৰ লোক সাহিত্য’ গ্ৰন্থৰ বাবে তেওঁ অসম সাহিত্য সভাৰ সীতানাথ ব্ৰহ্মচৌধুৰী বঁটা লাভ কৰে । তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ দেহদান কৰি থৈ গৈছিল । এইগৰাকী বৰেণ্য ব্যক্তিলৈ আমাৰ প্ৰণাম ।
আজি গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন । ১৯৩৫ চনৰ আজিৰ দিনটোতে কলিকতাত তেওঁৰ জন্ম হৈছিল । তেওঁ গৌৰীপুৰৰ বিখ্যাত ৰাজপৰিয়ালৰ জীয়ৰী আছিল । ১৯৫৬ চনত ভূপেন হাজৰিকাই তেওঁক নিজৰ ‘এৰা বাটৰ সুৰ’ চলচ্চিত্ৰত গীত গোৱাৰ সুযোগ দিয়ে । ১৯৬২ চনত আকাশবাণী যোগে তেওঁৰ হস্তীৰ কন্যা, কেনেহে ৰোধিব তোৰ বিৰহ মন আৰু একবাৰ হৰি বোল মন ৰচনা গীত তিনিটা সম্প্ৰচাৰিত হয় । ১৯৭৫ চনত তেওঁ ভূপেন হাজৰিকাৰ উদ্যোগত কলিকতাত প্ৰথমবাৰৰ বাবে গীত ৰেকৰ্ডিং কৰে । ১৯৭৬ চনত তেওঁ আকাশবাণীৰ স্বীকৃত শিল্পীৰ মৰ্যাদা লাভ কৰে । তেওঁ ভাৰতীয় গণনাট্য সংঘৰ সৈতেও জড়িত আছিল । ১৯৮৯ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰে । ১৯৯১ চনত লাভ কৰে পদ্মশ্ৰী সন্মান । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।