জম্মু-কাশ্মীৰৰ শ্বপিয়ানত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰম্ভ কৰিছে সেনাই ৷ মঙলবাৰে নিশা আৰু আজি পুৱা চলোৱা অভিযানত চাৰিজন সন্ত্ৰাসবাদী নিহত হৈছে বুলি জানিব পৰা গৈছে ৷ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ উদ্ধৃতি দি কাশ্মীৰ আৰক্ষীয়ে টুইটযোগে প্ৰকাশ কৰা অনুসৰি চাৰিজন সন্ত্ৰাসবাদীৰ ভিতৰত তিনিজন সন্ত্ৰাসবাদী জৈচ-ই-মহম্মদৰ সৈতে জড়িত ৷ আন এজন উগ্ৰবাদী লস্কৰ-ই-তৈবাৰ সদস্য ৷
আৰক্ষীয়ে জনোৱা মতে, শ্বোপিয়ানৰ ড্ৰাচত সংঘটিত সংঘর্ষত নিহত হোৱা তিনিজন জৈচ সন্ত্ৰাসবাদীৰ ভিতৰত দুজন হৈছে হানান বিন ইয়াকুব আৰু জামছেদ ৷ শেহতীয়াকৈ পুলৱামাত এজন বিশেষ আৰক্ষী বিষয়া আৰু এজন শ্ৰমিকৰ হত্যাকাণ্ডৰ সৈতে জড়িত আছিল নিহত উগ্ৰবাদী কেইজন ।
মঙলবাৰে নিশা আৰু বুধবাৰে পুৱা শ্বপিয়ানৰ ড্ৰাচ আৰু মুলু অঞ্চলত নিৰাপত্তা বাহিনীয়ে সুকীয়া অভিযান আৰম্ভ কৰিছিল। মুলুত এনকাউণ্টাৰ বাতৰি লিখা পৰলৈ অব্যাহত আছে বুলি জানিব পৰা গৈছে ৷