ফ্ৰেঞ্চ পেৰাডাইজ এনে এক সুগন্ধি যাক ক্ৰয় কৰিবলৈ ৩ ঘণ্টাতকৈ অধিক সময় শাৰীত অপেক্ষা কৰি থাকিবলগীয়া হৈছে গ্ৰাহকে ৷ সমগ্ৰ বিশ্বতে গ্ৰাহকৰ বিপুল সমাদৰ লাভ কৰিছে ফ্ৰেঞ্চ পেৰেডাইজ নামৰ এই সুগন্ধিয়ে ৷
জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুক যোগে এই সুগন্ধি ব্যৱহাৰ কৰা এগৰাকী গ্ৰাহকে জনালে যে তেওঁ ২ বছৰ ধৰি এই সুগন্ধি ব্যৱহাৰ কৰি আছে আৰু ইয়াৰ সলনি তেওঁ আন এটা সুগন্ধি ব্যৱহাৰ কৰাৰ কথা যেন কেতিয়াও ভাবিবই নোৱাৰিব। এই বিশেষ সুগন্ধিৰ নাম হৈছে ‘পেৰেডাইজ’। বৰ্তমান সময়ত ই সৰ্বাধিক বিক্ৰী হোৱা বিখ্যাত ফৰাচী সুগন্ধিবোৰৰ ভিতৰত অন্যতম।
তেওঁ জনোৱা মতে এই সুগন্ধিৰ গোন্ধ অতি আশ্চৰ্যজনক, মৃদু, শীতল, বিলাসী আৰু নাৰীসুলভ ৷ অৱশ্যে ই অতি আকৰ্ষণীয় যদিও ইয়াৰ সুবাস তীব্ৰ নহয় ৷ ৰাতিপুৱা কামলৈ যাওঁতেই লৈ যোৱা সুগন্ধি নিশা ঘৰলৈ উভতি যোৱা সময়লৈকে একেই থাকে।
কোম্পানীটোৱে বেংককত ইয়াৰ প্ৰথম শাখা খুলি ৪০% ৰেহাই দি থকাৰ কথা জানিব পাৰি সেই গ্ৰাহক গৰাকীয়ে পুৱা ৭ বজাৰ পৰা শাৰী পাতিছিল। বহুত সোনকালে যোৱাৰ পিছতো সুগন্ধিৰ দোকানত ইতিমধ্যে ভিৰ হৈছিল।অৱশেষত ৩ ঘণ্টাতকৈও অধিক সময় অপেক্ষা কৰাৰ পিছতহে কৰ্মচাৰীসকলে জনাইছিল যে যিহেতু গ্ৰাহকৰ সংখ্যা যথেষ্ট হোৱাৰ ফলত শ্বপিং চেণ্টাৰ প্ৰভাৱিত হৈছিল, সেয়েহে কোম্পানীটোৱে অফিচিয়েল ৱেবছাইটৰ জৰিয়তে অনলাইন বিক্ৰীৰ ব্যৱস্থা আৰম্ভ কৰিছিল ৷ অৱশ্যে তথাপিও এই বিশেষ সুগন্ধিৰ কোম্পানীটোৱে গ্ৰাহকক ৪০% ৰেহাই দিছিল।