উত্তৰ ভাৰতৰ হিমালয়ত হিমস্খলনে উটুৱাই নিয়াৰ ফলত মঙলবাৰে কমেও ১০ জন প্ৰশিক্ষাৰ্থী পৰ্বতাৰোহীৰ মৃত্যু হয় ৷ উদ্ধাৰকাৰীয়ে নিৰুদ্দেশ হোৱা আন ১১ জন পর্বতাৰোহীৰ সন্ধান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে ৷ মৃত্যু হোৱা পর্বতাৰোহী সকলৰ ভিতৰত আছে মাত্ৰ ১৬ দিনতে মাউণ্ট এভাৰেষ্ট আৰু মাউণ্ট মাকালু আৰোহণ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হোৱা ২৬ বছৰীয়া সবিতা কাঞ্চৱাল ৷ নেহৰু ইনষ্টিটিউটৰ এদল প্ৰশিক্ষাৰ্থী পৰ্বতাৰোহী আৰু প্ৰশিক্ষকৰ দল পর্বতাৰোহনৰ বাবে গৈছিল ৷ সন্ধানহীন হৈ থকা প্ৰশিক্ষার্থীসসকলৰ ভিতৰত অসমৰ দ্বীপশিখা হাজৰিকা নামৰ পর্বতাৰোহী গৰাকীও আছে বুলি জানিব পৰা গৈছে ৷ দ্বীপশিখা গুৱাহাটীৰ বাসিন্দা ৷
উত্তৰাখণ্ডৰ আৰক্ষী অধীক্ষক অশোক কুমাৰে জনোৱা মতে, মঙলবাৰে পুৱা গড়ৱাল হিমালয়ৰ গংগোত্ৰী ৰেঞ্জৰ এখন পাহাৰৰ শিখৰত ২৯ জনীয়া এটা দলে হিমস্খলনৰ সন্মুখীন হয় ৷ উদ্ধাৰকাৰীয়ে ৮জন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰি চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যায়। নিৰুদ্দেশ হোৱা আটাইকেইজনে পৰ্বতাৰোহণ প্ৰতিষ্ঠানত প্ৰশিক্ষণ লৈ আছিল ৷
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে এনডিআৰএফ আৰু ভাৰতীয় সেনাই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ নিৰুদ্দেশ হোৱা লোকৰ সন্ধানত ভাৰতীয় বায়ুসেনাই দুখন হেলিকপ্টাৰ মোতায়েন কৰে।
ইণ্টাৰনেশ্যনেল ক্লাইম্বিং এণ্ড মাউণ্টেৰিং ফেডাৰেচনৰ বিষয়া তথা ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন বিষয়া অমিত চৌধুৰীয়ে কয় যে ভাৰতীয় পৰ্বতাৰোহণৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এনেকুৱা এটা বৃহৎ দলৰ প্ৰশিক্ষাৰ্থী পৰ্বতাৰোহী হিমস্খলনত নিহত হৈছে ৷
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই ঘটনাত শোক প্ৰকাশ কৰিছে ৷ উত্তৰাখণ্ডৰ পাহাৰীয়া অঞ্চলত হিমস্খলনৰ ঘটনা প্ৰায়ে সংঘটিত হয় ৷ যোৱা বছৰ ৰাজ্যখনত এটা হিমবাহ বিস্ফোৰণ ঘটাৰ ফলত হোৱা প্ৰলয়ংকাৰী বানপানীত ২০০ৰো অধিক লোকৰ মৃত্যু হৈছিল।