দশেৰা উৎসৱৰ তাৎপর্য সকলোৱে জানে ৷ সমাজৰ অসূয়া অপ্ৰীতি দুৰ কৰিবলৈ দশেৰাত ৰাৱণ বধ কৰা হয় ৷ কিন্তু ভাৰতৰে এখন গাঁৱত ইয়াৰ সম্পূর্ণ বিপৰীত এক পৰম্পৰা পালন কৰা হয় ৷ দশেৰাৰ দিনটোত ৰাৱণ বধ নহয়, গাঁৱখনত ৰাৱণক পূজা-অর্চনা কৰা হয় ৷ এই পৰম্পৰা পালন কৰা হয় মহাৰাষ্ট্ৰৰ অকোলা জিলাৰ ছাংগালা গাঁৱত ৷ গাঁওখনৰ মাজমজিয়াত ১০ মূৰৰ অসুৰ ৰজা ৰাৱণৰ এটা ওখ ক’লা শিলৰ প্ৰতিমূৰ্তি আছে।দশেৰাৰ দিনা মহাৰাষ্ট্ৰৰ গাঁৱখনত ৰাৱণৰ ‘আৰতি’ কৰা হয়। স্থানীয় লোকসকলে প্ৰকাশ কৰা অনুসৰি বিগত ৩০০ বছৰ ধৰি এই পৰম্পৰা চলি আহিছে ৷ মহাৰাষ্ট্ৰৰ আকোলা জিলাৰ গাঁৱৰ বহু বাসিন্দাই ৰাৱণৰ আশীৰ্বাদৰ বাবেই জীৱিকা লাভ কৰি আহিছে বুলি বিশ্বাস কৰি আহিছে ৷ তদুপৰি ৰাৱণৰ বাবেই তেওঁলোকৰ গাঁৱত শান্তি আৰু সুখ থকা বুলিও তেওঁলোকে বিশ্বাস কৰে ৷
গাঁৱৰ ৰাইজে ভগৱান ৰামক বিশ্বাস কৰে, কিন্তু ৰাৱণৰ প্ৰতিও তেওঁলোকৰ অটল বিশ্বাস আছে ৷ যাৰ বাবে ৰাৱণৰ প্ৰতিমূৰ্তি দাহ নকৰে বুলি স্থানীয় বাসিন্দাসকলে প্ৰকাশ কৰিছে ৷ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতি বছৰে দশেৰাৰ সময়ত ৰাৱণৰ প্ৰতিমূৰ্তি চাবলৈ বহু লোকৰ গাৱঁখনলৈ আগমণ ঘটে ৷
ছাংগোলাৰ বাসিন্দা সুবোধ হাটোলেই কয় যে মহাত্মা ৰাৱণৰ আশীৰ্বাদত গাওঁখনৰ বহু লোক কৰ্মৰত হৈ আছে। দশেৰাৰ দিনা ৰাৱণৰ প্ৰতিমূৰ্তিৰ সন্মুখত মহাআৰতিৰে পূজা কৰা হয় ৷ তেওঁলোকে বিশ্বাস কৰে যে ৰাৱণে সীতাক ৰাজনৈতিক কাৰণত অপহৰণ কৰিছিল আৰু তেওঁৰ পবিত্ৰতা ৰক্ষা কৰিছিল ৷
স্থানীয় মন্দিৰৰ পুৰোহিত হৰিভৌ লখাদে কয় যে দেশৰ বাকী অংশই দশেৰাৰ দিনা ৰাৱণৰ প্ৰতিমূৰ্তি জ্বলাই দিয়াৰ বিপৰীতে ছাংগোলাৰ বাসিন্দাসকলে তেওঁৰ “বুদ্ধি আৰু তপস্যা”ৰ বাবে দানৱৰজাক পূজা কৰে। লখদে কয় যে তেওঁৰ পৰিয়ালে বহুদিনৰ পৰা ৰাৱণক পূজা কৰি আহিছে আৰু গাঁওখনত যি সুখ, শান্তি আৰু সন্তুষ্টি আছে সেয়া লংকা ৰজাৰ বাবেই বুলি দাবী কৰে।