আৰম্ভ হ’ল পাঞ্জাব নেচনেল বেংকৰ হোৱাটছএপ বেংকিং সেৱা ৷দেশৰ ভিতৰতে এক আগশাৰীৰ বেংকিং প্ৰতিষ্ঠান পাঞ্জাব নেচনেল বেংকে এইবাৰ গ্ৰাহকসকলৰ সুবিধাৰ্থে আগবঢ়াইছে হোৱাটছএপ বেংকিং সেৱা ৷ তেওঁলোকে জানিবলৈ দিয়া মতে ২৪ঘণ্টাই উপলব্ধ হ’বলগীয়া হোৱাটছএপৰ এই সুবিধাৰ জৰিয়তে গ্ৰাহকসকলে বেংকৰ বিভিন্ন সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব ৷ উল্লেখযোগ্য যে পাঞ্জাব নেচনেল বেংকত একাউণ্ট নথকা লোকসকলেও ইয়াৰ যোগেদি বেংক প্ৰতিষ্ঠানটোৰ বিভিন্ন আঁচনি আৰু ঋণ সম্পৰ্কীয় বিভিন্ন তথ্য লাভ কৰিব পাৰিব ৷ অৱশ্যে এই সেৱা লাভ কৰিবৰ বাবে গ্ৰাহক সকলে নিজৰ হোৱাটছএপ নম্বৰৰ পৰা ‘Hi’ লিখি ৯১৯২৬৪০৯২৬৪০ নম্বৰলৈ প্ৰেৰণ কৰিব লাগিব ৷ এই নম্বৰত বাৰ্তা প্ৰেৰণ কৰাৰ লগে লগেই তেওঁলোকে এখন মেনু দেখা পাব আৰু ইয়াৰ পৰা তেওঁলোকে নিজৰ পছন্দ অনুযায়ী সেৱা বাছনি কৰিব পাৰিব ৷
আনহাতে হোৱাটছএপৰ পাঞ্জাবনেছনেল বেংকৰ এই একাউণ্টৰ সত্যতা পৰীক্ষণৰ বাবেও গ্ৰাহকসকলক সতৰ্ক হ’বলৈ আহ্বান জনাইছে বেংক প্ৰতিষ্ঠানটোৱে ৷ হোৱাটছএপত পাঞ্জাব নেছনেল বেংকৰ প্ৰফাইল নাম আৰু গ্ৰীন টিক দেখাৰ পিছতহে গ্ৰাহক সকলক এইক্ষেত্ৰত আগবাঢ়িবলৈ পৰামৰ্শ দিছে বেংক প্ৰতিষ্ঠানটোৱে ৷
অৱশ্যে পাঞ্জাব নেছনেল বেংকে হোৱাটছএপ যোগে গ্ৰাহকসকললৈ এই সেৱা আগবঢ়াবৰ বাবে এনে পদক্ষেপ লোৱাৰ আগতেও ভাৰতীয় ষ্টেট বেংক আৰু এইচ ডি এফ চি বেংকেও হোআটছএপ বেংকিং সেৱা আগবঢ়াইছিল ৷