বিগত কেইবাদিনো ধৰি সন্ধানহীন হৈ থকা আমেৰিকা নিৱাসী প্ৰৱাসী ভাৰতীয় পৰিয়ালৰ চাৰিজন সদস্যক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে। মৃত অৱস্থাত উদ্ধাৰ হোৱা লোকেকেইজনৰ ভিতৰত আছে এটি আঠ মহীয়া শিশু ৷ কেলিফর্ণিয়াৰ এখন ফলৰ বাগিচাত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷
সোমবাৰে উত্তৰ কেলিফৰ্ণিয়াৰ মাৰ্চেড কাউন্টিৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা আঠ মহীয়া আৰোহী ধেৰী আৰু তেওঁৰ পিতৃ-মাতৃ – ২৭ বছৰীয়া জেছলিন কৌৰ আৰু ৩৬ বছৰীয়া জছদীপ সিঙক অপহৰণ কৰা হৈছিল । মাৰ্চেড কাউন্টি আৰক্ষীয়ে জনোৱা মতে কেঁচুৱাটোৰ ককাক ৩৯ বছৰীয়া অমনদীপ সিঙকো অপহৰণ কৰা হৈছিল ৷
বুধবাৰে আৰক্ষীয়ে পৰিয়ালটোক অপহৰণ কৰাৰ এটি ভিডিঅ’ মুকলি কৰিছিল ৷ ভিডিঅ’টোত জছদীপ আৰু অমনদীপক ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ পৰা হাত বান্ধি উলিয়াই নিয়া পৰিলক্ষিত হৈছিল ৷ কেইছেকেণ্ডমানৰ পিছত মাতৃশ কেচুঁৱাটোক অপহৰণকাৰীজনে অট্টালিকাৰ পৰা লৈ যোৱা দেখা যায়। ইয়াৰ পিছতে পৰিয়ালৰ চাৰিওজন সদস্যক এখন ট্ৰাকত উঠাই লৈ যায় অপহৰণকাৰীয়ে ৷
পৰিয়ালটো অপহৰণ কৰাৰ এদিন পিছতে আৰক্ষীয়ে এজন সন্দেহযুক্ত অপহৰণকাৰী – ৪৮ বছৰীয়া জেছুছ মেনুৱেল ছালগাডোক জিম্মাত লয় ৷ ইয়াৰ পাছত পৰিয়ালটোৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাইছিল যদিও তেওঁলোকক উদ্ধাৰ কৰিবলৈ ব্যর্থ হয় ৷ পৰিয়ালটোক মৃত অৱস্াত উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷