ধনাঢ্য উদ্যোগপতি মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়ালক আক্ৰমণৰ ভাবুকি দি আৰক্ষীৰ জালত পৰিছে বিহাৰৰ এজন লোক ৷ মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লোকজনক ৷বিহাৰৰ দৰভংগা জিলাৰ পৰা আৰক্ষীৰ এটা দলে মাজনিশা সন্দেহজনক লোকজনক গ্ৰেপ্তাৰ কৰি মুম্বাইলৈ লৈ আহে ৷ ইতিমধ্যে গ্ৰেপ্তাৰ কৰা লোকজনক সোধা পোচা আৰম্ভ কৰিছে আৰক্ষীয়ে ৷ তেওঁ কোনোবা সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত নেকি সেয়াও পৰীক্ষা কৰিছে মুম্বাই আৰক্ষীয়ে ৷
প্ৰাপ্ত তথ্য অনুসৰি বুধবাৰে মুম্বাইৰ ছাৰ এইচএন ৰিলায়েন্স ফাউণ্ডেশ্যন হাস্পতাললৈ দুবাৰ ফোন কৰি অচিনাক্ত লোকজনে দক্ষিণ মুম্বাইৰ আম্বানী পৰিয়ালৰ বাসগৃহ ‘এন্টিলিয়া’ৰ উপৰি চিকিৎসালয়খন বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছিল ৷ লোকজনে উদ্যোগপতিগৰাকী আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলকো হত্যাৰ ভাবুকি প্ৰদান কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷