পৃথিৱীত এনে বহু ঠাই আছে যি ঠাইৰ প্ৰাকৃতিক শোভাই আকৰ্ষিত কৰি আহিছে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰৰ লোকক ৷ এই দৃশ্যসমূহ উপভোগ কৰিবলৈ সেই ঠাইত উপস্থিত হয় দেশ বিদেশৰ বহু পৰ্য্যটক ৷ এই সমূহৰ ভিতৰতে বহু ঠাইত এনে কিছুমান দলং আছে যিবোৰ সেই অঞ্চলৰ পৰ্যটনৰ অংশ।
পৃথিৱীজুৰি এনে বহুতো দলং আছে কলাসুলভ ৰূপেৰে যি সমগ্ৰ বিশ্বতে নিজৰ এক বিশেষ পৰিচয় গঢ়ি তুলিছে। পৃথিৱীৰ তেনে কেইখনমান আটাইতকৈ ধুনীয়া আৰু অনন্য দলঙৰ বিষয়ে আজি আপোনালোকক ক’বলৈ ওলাইছোঁ, যিবোৰ দলং দেখি আপুনিও আচৰিত নহৈ নোৱাৰিব।
হেলিক্স ব্ৰীজ, ছিংগাপুৰ
আধুনিক স্থাপত্যবিদ্যাৰ ক্ষেত্ৰত ছিংগাপুৰ বিশ্বৰ ভিতৰতে যথেষ্ট আগবঢ়া। ছিংগাপুৰৰ মাৰেনা উপসাগৰৰ ওচৰৰ হেলিক্স দলং হৈছে এনে এখন দলং যিখন দলং ৰাতি আৰু দিন দুয়োটা সময়তে অতি মনোমোহা । ৰাতি ইয়াত নীলা পোহৰ জিলিকি উঠে। ইয়াৰ মনোমোহা সৌন্দৰ্য্যই আকৰ্ষিত কৰে বিশ্বৰ বহু পৰ্যটকক।
ইনভিজিবল ব্ৰীজ, চীন
চীনৰ হুনান প্ৰদেশত অৱস্থিত এই দলংখন হৈছে বিশ্বৰ সৰ্ববৃহৎ আৰু দীঘল কাঁচৰ দলং। এই কাঁচৰ দলংখন মাটিৰ পৰা ৩০০ মিটাৰ আৰু দুটা পাহাৰৰ মাজত নিৰ্মাণ কৰা হৈছে। ৪৩০ মিটাৰ দীঘল দলংখনৰ প্ৰস্থ ৬ মিটাৰ। এই দলংখন তিনিটা স্তৰৰ স্বচ্ছ আইনাৰে এনেকৈ নিৰ্মাণ কৰা হৈছে যাতে মানুহে তলৰ দৃশ্যও উপভোগ কৰিব পাৰে । যেতিয়া এই দলংখনত থিয় হৈ থকা লোকসকলক দূৰৰ পৰা দেখা যায়, এনে লাগে যে তেওঁলোকে বতাহত ওলমি আছে। এদিনত ৮০০০ তকৈ অধিক লোক এই দলংখনলৈ যাব নোৱাৰে বাবেই এই দলংখনলৈ যাবলৈ এদিন আগতে বুকিং কৰিব লাগে ।
লাংকাৱি স্কাই ব্ৰীজ, মালয়েছিয়া
লাংকাৱি স্কাই ব্ৰীজক অত্যন্ত বিপদজনক দলং বুলি গণ্য কৰা হয়। এই দলংখন পৰ্বতৰ ওপৰত নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ প্ৰস্থ ৬ ফুট। এই দলংখন সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ২,৩০০ ফুট উচ্চতাত নিৰ্মাণ কৰা হৈছে। এই দলংখনে সমগ্ৰ মালয়েছিয়াৰ সৌন্দৰ্য প্ৰদৰ্শন কৰে, যি যিকোনো লোককেই আকৰ্ষিত কৰিব পাৰে।অৱশ্যে এই দলংখন কেৱল পথচাৰীসকলৰ বাবেহে ।
ৰিয়েলটো ব্ৰীজ, ইটালী
ভেনিছ হৈছে পৃথিৱীৰ আটাইতকৈ ৰোমান্টিক চহৰবোৰৰ ভিতৰত এখন, যি ঠাইলৈ হয়তো প্ৰতিটো দম্পতীয়েই যাবলৈ বিচাৰে। আনহাতে ভেনিচ এনে এখন চহৰ যাক দলং অবিহনে কল্পনাও কৰিব নোৱাৰি। কিয়নো এই চহৰখন পানীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। প্ৰকৃতাৰ্থত ইয়াৰ ব্ৰীজৰ সৌন্দৰ্যই পৰ্য্যটক সকলৰ বাবে অকৰ্ষণৰ কেন্দ্ৰবিন্দু।
লাকী নট ব্ৰীজ, চীন
এই সুন্দৰ দলংখন চীনৰ চাংছা চহৰৰ ড্ৰেগন কিং পোৰ্ট নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। বন্দৰ নদীত নিৰ্মিত এই দলংখনৰ উচ্চতা ২৪ মিটাৰ আৰু দৈৰ্ঘ্য ১৮৫ মিটাৰ। খোজকাঢ়িবৰ বাবে নিৰ্মাণ কৰা এই দলংখন নদী, পথ আৰু উদ্যানৰ সৈতে সংযোগ কৰা হৈছে। ।
ৰুট ব্ৰীজ ,মেঘালয়
মেঘালয়ত অৱস্থিত লিভিং ৰুট ব্ৰীজ প্ৰকৃতিৰ যেন এক অপূৰ্ব দৃশ্য ৷ এই দলংখনৰ বিশেষ কথাটো হ’ল যে ই ফিকাছ ইলাষ্টিকা গছ নামৰ গছৰ শিপাৰ পৰা তৈয়াৰী। এই গছৰ শিপা অতি নমনীয় আৰু শক্তিশালী, যি একেলগে ৫০ জনৰো অধিক লোকৰ ভৰ সহিব পাৰে। গছ ডাল বাঢ়ি অহাৰ লগে লগে ইয়াৰ শক্তিও বাঢ়ি যায়। গছৰ শিপাৰ পৰা তৈয়াৰ কৰা এই দলংখনৰ বয়স প্ৰায় ৫০০ বছৰ। স্থানীয় লোকসকলে তেওঁলোকৰ প্ৰয়োজন অনুসৰি এই গছৰ শিপাবোৰক দিশ দিয়ে আৰু ই সেই দিশত বৃদ্ধি হয়।
উইণ্ড এণ্ড ৰেইন ব্ৰিজ (বতাহ আৰু বৰষুণ দলং), চীন
উইণ্ড এণ্ড ৰেইন ব্ৰিজক চীনত বাস কৰা ডং লোকসকলৰ অনন্য স্থাপত্য বুলি গণ্য কৰা হয়। এই দলংখন কাঠেৰে নিৰ্মিত, যাৰ ওপৰৰ অংশটো কাঠেৰে আবৃত। কাঠেৰে আৱৰি থকাৰ বাবে, এই দলংখনে ইয়াক বেয়া বতৰত বৰষুণ আৰু বতাহৰ পৰা সুৰক্ষিত ৰাখে যাৰ আধাৰত ডঙৰ লোকসকলে এই দলংখনক বতাহ আৰু বৰষুণ দলং বুলি নামাকৰণ কৰিছে। এই দলংখনৰ দৈৰ্ঘ্য প্ৰায় ৬৪.৪ মিটাৰ আৰু প্ৰস্থ ৩.৪ মিটাৰ। একে সময়তে, এই দলংখনৰ উচ্চতা ১০.৬ মিটাৰ।