দিল্লীত আৱকাৰী নীতি ৰূপায়নক লৈ অনিয়ম সংঘটিত হোৱা বুলি উত্থাপিত অভিযোগৰ তদন্ত অব্যাহত ৰাখিছে এনফর্চমেণ্ট সঞ্চালকালয় চমুকৈ ইডিয়ে ৷ ইয়াৰ অংশ হিচাপে ইডিয়ে আজি দিল্লী, পঞ্জাৱ আৰু হায়দৰাবাদৰ ৩৫টা স্থানত নতুনকৈ অভিযান চলাই ৷ উক্ত ৰাজ্যসমূহৰ সুৰা কোম্পানী, বিতৰক আৰু যোগান শৃংখলৰ নেটৱৰ্কৰ সৈতে জড়িত লোকসকলৰ বাসগৃহ আৰু কার্যালয়ত তালাচী চলোৱা হয় ৷ পুৱাৰে পৰা ইডিৰ বিষয়াসকলে অভিযান আৰম্ভ কৰে ৷
অৱশ্যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আপৰ কেইবাজনো নেতাৰ বিৰুদ্ধে কৰা এই তদন্তক কেন্দ্ৰৰ বিজেপি চৰকাৰৰ লেতেৰা ৰাজনীতি বুলি অভিহিত কৰে ৷ কেজৰিৱালে কয় -“৫০০ৰো অধিক অভিযান, ৩ মাহৰ পৰা ৩০০ৰো অধিক চিবিআই, ইডি বিষয়াই ২৪ ঘণ্টা কাম কৰি আছে এজন মনীষ ছিছ’দিয়াৰ বিৰুদ্ধে প্ৰমাণ বিচাৰিবলৈ। একো বিচাৰি পোৱা নাই। কাৰণ একো কৰাই নাছিল ৷“
আবকাৰী নীতি ৰূপায়নক লৈ অনিয়ম হোৱা বুলি উত্থাপিত অভিযোগক লৈ আপ আৰু বিজেপিৰ মাজত তীব্ৰ বাকযুদ্ধ চলি আহিছে ৷ চিবিআইৰ এজাহাৰত দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া আৰু দিল্লী চৰকাৰৰ একাংশ আমোলাক অভিযুক্ত কৰা হৈছে। এই নীতিয়ে সুৰা ব্যৱসায়ীসকলক সহায় কৰিছিল নেকি তদন্ত কৰি আছে চিবিআইয়ে।
বিজেপিয়ে আৱকাৰী নীতি ৰূপায়নত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে ৷ আপে অৱশ্যে দুৰ্নীতি ৰোধ কৰাৰ লক্ষ্যৰে নতুন নীতি ৰূপায়ন কৰা হৈছিল বুলি উল্লেখ কৰি বিজেপিয়ে ৰাজনৈতিক উদ্দেশ্যেৰে কেন্দ্ৰীয় সংস্থাসমূহক অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে।
এই গোচৰত কেইবাটাও পর্যায়ত অভিযান চলোৱা তদন্তকাৰী সংস্থাই যোৱা সপ্তাহত সুৰা ব্যৱসায়ী সমীৰ মহেন্দ্ৰুক গ্ৰেপ্তাৰ কৰিছিল। আপৰ নেতা তথা উপমুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াৰ ঘনিষ্ঠ সহায়ক বিজয় নায়াৰক চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছে ৷