আজি বিশিষ্ট লেখক সীতানাথ ব্ৰহ্ম চৌধুৰীৰ ওপজা দিন । ১৯০৮ চনৰ আজিৰ দিনটোতে কোকৰাঝাৰ জিলাৰ ভালুকমাৰী গাঁৱত তেওঁৰ জন্ম হৈছিল । তেওঁ ১৯৩৯ চনত বীৰবনৰা উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰি তাতেই শিক্ষকতা কৰিছিল । তেওঁ দেশৰ স্বাধীনতা আন্দোলনতো সক্ৰিয় অংশ গ্ৰহণ কৰিছিল । ১৯৪৬ চনত তেওঁ ধুবুৰী লোকেল বোৰ্ডৰ অধ্যক্ষ হয় । ১৯৫২ চনত গোৱালপাৰাৰ গাৰো পাহাৰ সমষ্টিৰ পৰা লোকসভাৰ সদস্য নিৰ্বাচিত হয় । স্কুলীয়া দিনৰ পৰাই তেওঁ সাহিত্য চৰ্চা কৰিছিল । কথমকলি, চকুলো, আৱেগ আদি তেওঁৰ প্ৰকাশিত কাব্য গ্ৰন্থ । ১৯৮১ চনত তিনিচুকীয়াত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি হিন্দী আৰু উৰ্দু ভাষাৰ প্ৰসিদ্ধ গল্পকাৰ-ঔপন্যাসিক মুন্সী প্ৰেমচন্দৰ স্মৃতি দিৱস । তেওঁৰ প্ৰকৃত নাম আছিল ধনপত ৰায় শ্ৰীবাস্তৱ । ১৯১৮ চনৰ পৰা ১৯৩৬ চনলৈ এই সময়ছোৱাক হিন্দী গল্প-উপন্যাসৰ ক্ষেত্ৰত ‘প্ৰেমচন্দ যুগ’ বুলি কোৱা হয় । নিৰ্মলা, গোদান, কৰ্মভূমি, সেৱা সদন আদি তেওঁৰ বিখ্যাত উপন্যাস । কফন, বড়ে ঘৰ কী বেটী, পঞ্চ পৰমেশ্বৰ আদি তিনি শতাধিক গল্পৰ ৰচক আছিল তেওঁ । তেওঁ জাগৰণ আৰু হংস নামৰ দুখন হিন্দী পত্ৰিকাৰো সম্পাদক আছিল । ১৯৩৬ চনৰ আজিৰ দিনটোতে বাৰানসীত তেওঁৰ দেহাৱসান ঘটে । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।