মহাৰাষ্ট্ৰৰ নাছিকত আজি পুৱা সংঘটিত হয় এক শোকাৱহ দূর্ঘটনা ৷ এখন বাছত হোৱা অগ্নিকাণ্ডৰ ফলত কমেও ১২ জন লোক নিহত হোৱাৰ লগতে আন ৩০ জন লোক গুৰুতৰভাৱে আহত হৈছে ।ঘটনাৰ বিবৰণী অনুসৰি নাছিক-ঔৰাংগাবাদ ঘাইপথত ডিজেল পৰিবাহী এখন ট্ৰেইলাৰ ট্ৰাকত খুন্দা মৰাৰ পিছত বাছখনত জুই লাগে ৷নাছিকৰ উপ আৰক্ষী আয়ুক্ত আমোল তাম্বেই প্ৰকাশ কৰা অনুসৰি নিহত হোৱাসকলৰ অধিকাংশই আছিল বাছখনৰ যাত্ৰী ৷ আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে।তেওঁ কয় যে ঘটনা সন্দর্ভত গোচৰ ৰুজু কৰা হৈছে আৰু অগ্নিকাণ্ডৰ সঠিক কাৰণ নিৰ্ণয় কৰিবলৈ তদন্ত অব্যাহত আছে। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, পুৱা প্ৰায় ৫.১৫ বজাত দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰক্ষী আৰু এম্বুলেন্সক ফোন কৰে। ক্ষীপ্ৰ গতিৰে অগ্নিকাণ্ড সংঘটিত হোৱাৰ বাবে যাত্ৰীসকলক বচাবলৈ একো কৰিব নোৱাৰিলে বুলিও তেওঁলোকে জানিবলৈ দিয়ে।
এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিহতসকলৰ পৰিয়াললৈ ২ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। আহতসকলক দিয়া হ’ ৫০,০০০ টকা।
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ ছিণ্ডেই দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক ৫ লাখকৈ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথাও ঘোষণা কৰে। আহতসকলৰ চিকিৎসা ব্যয় মহাৰাষ্ট্ৰ চৰকাৰে বহন কৰিব বুলি মন্তব্য কৰে ৰাজ্যিক মন্ত্ৰী দাদা ভুছে। আহত একাংশ লোকৰ অৱস্থা গুৰুতৰ হোৱাৰ বাবে দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি বিষয়াসকলে জনায়।