শীতৰ সময়ছোৱাত হিমাচল প্ৰদেশত অৱস্থিত মনালীৰ সৌন্দৰ্য্যৰ যেন ৰূপতে ৰহণ চৰে ৷ এতিয়া মনালীত আৰম্ভ হৈছে শীতৰ প্ৰথম তুষাৰপাত যাৰ বাবে অধিক আকৰ্ষণীয় হৈ পৰিছে হিমাচল প্ৰদেশৰ এই জনপ্ৰিয় পৰ্যটনথলীখন । শীতৰ সময়ছোৱাত অঞ্চলটোৰ মল ৰোডৰ পৰা ৰোহটাং পাছলৈ যেন বৰফৰ এখন বগা চাদৰহে পাৰি দিয়া হয়৷
তুষাৰপাতৰ পিছত মনালীৰ প্ৰাকৃতিক সৌন্দৰ্য যথেষ্ট বৃদ্ধি পায়। এনে পৰিস্থিতিত গণ্ডোলা কাৰৰ পৰা চহৰখনৰ চাৰিওফালৰ দৃশ্য চাবলগীয়া হয় । শীতকালত মনালী ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰা সকলে এবাৰ গণ্ডোলা যাত্ৰাও উপভোগ কৰিলেহে যেন এই ভ্ৰমণ সম্পূৰ্ণ হ’ব।
মনালীত অৱস্থিত, চোলাং উপত্যকা হৈছে ভাৰতৰ জনপ্ৰিয় স্কিয়িং অঞ্চলসমূহৰ ভিতৰত অন্যতম। বৰ্তমানৰ সময়ছোৱাত ইয়াত যথেষ্ট তুষাৰপাত হৈছে ৷ অৱশ্যে এই অঞ্চলৰ পৰিবহন ব্যৱস্থাও অতি সুচল ।আনহাতে মনালীত স্কিইঙৰ লগতে হেলি স্কিয়িঙো উপভোগ কৰিব পাৰে পৰ্য্যটক সকলে । পৰ্যটক সকলে হেলিকপ্টাৰেৰেও স্কিইং কৰিবৰ বাবে যাব পাৰে মনালীৰ দূৰৱৰ্তী এলেকা সমূহলৈ ।
ইফালে বৰফত বগোৱাৰ বাবেও মনালী বিখ্যাত। অৱশ্যে ইয়াৰ উপৰিও হিমালয়ৰ পাহাৰবোৰো ইয়াৰ বাবে পৰ্য্যটকসকলৰ অতি প্ৰিয় স্থান।
মনালীৰ বিশেষ আকৰ্ষণ মনালীৰ শীতকালীন কাৰ্নিভাল-
মনালীৰ শীতকালীন কাৰ্নিভালত, হিমাচলী ৰন্ধনপ্ৰণালী, পৰম্পৰাগত নৃত্য, স্থানীয় বেণ্ড প্ৰতিযোগিতাৰ জৰিয়তে হিমাচলৰ সমৃদ্ধ সংস্কৃতি আৰু ঐতিহ্যৰ বিষয়ে জানিবলৈ বা উপভোগ কৰিবলৈ সুযোগ পায় বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ অহা লোকসকলে। ইয়াৰ লগতে ইয়াত উপভোগ কৰিব পাৰে বহু ৰোমাঞ্চকৰ খেল । শীতৰ সময়ছোৱাতেই অনুষ্ঠিত হয় মনালীৰ এই পাঁচ দিনীয়া কাৰ্নিভাল ।