যোৱা ৬অক্টোবৰ তাৰিখে শাৰদীয় দুৰ্গোৎসৱ উদযাপনৰ মাজতে সমগ্ৰ অসমতে পালন কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মজয়ন্তী ৷ মহাপুৰুষজনাৰ জন্মজয়ন্তী উপলক্ষে অসমৰ বিভিন্ন অঞ্চলত শংকৰী সংস্কৃতিৰ বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে হাতীচোং আঞ্চলিক জন্মোৎসৱ উদ্যাপন সমিতিৰ উদ্যোগত অনুস্থিত কৰা হয় ৭২ সংখ্যক শংকৰী সংস্কৃতিৰ এক আটকধুনীয়া অনুষ্ঠান ৷ সন্ধিয়াটিত শংকৰী সংস্কৃতিক সন্মান জনাই বিভিন্ন আকৰ্ষণীয় অনুষ্ঠান পৰিবেশন কৰে অঞ্চলটোৰ বহুকেইগৰাকী শিল্পীয়ে ৷
ঘোষা, সূত্ৰধাৰী নৃত্য, বৰগীতকে আদি কৰি মহাপুৰুষ জনাই সৃষ্টি কৰা সত্ৰীয়া সংস্কৃতিৰ বিভিন্ন গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানে উপস্থিত ৰাইজৰ লগতে নৱ প্ৰজন্মকো এক বাট দেখুৱাবলৈ সক্ষম হয় ৷