বৰ্তমান সময়ত সাহিত্য-সংস্কৃতিৰ চৰ্চাই হওঁক বা আন কিবা ,সকলোতে সামাজিক মাধ্যমৰ ভূমিকা আমি নুই কৰিব নোৱাৰো ৷ অৱশ্যে এই সামাজিক মাধ্যম সমূহৰ ভিতৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে জনপ্ৰিয় সামাজিক মাধ্যম প্লেটফৰ্ম ফেচবুকে ৷ ফেচবুকৰ বিভিন্ন গোট নাইবা পে’জ সমূহৰ যোগেদি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে বহু প্ৰতিভাশালী ব্যক্তিয়ে ৷ ফেচবুকৰ তেনে এটি সক্ৰিয় গোট হ’ল ‘গ্ৰন্থ-সুবাস’৷ বিভিন্ন উন্নত মানৰ লিখনী তথা গঠনমূলক আলোচনা-সমালোচনাৰ জৰিয়তে এই ফেচবুক গোটটি বহুলভাৱে সমাদৃত হৈছে জনপ্ৰিয় সামাজিক মাধ্যম প্লেটফৰ্মটোত ৷
আজিৰ পৰা কিছুদিন আগতে এই গোটটিৰ যোগেদি বৰ্ণালী দাস নামৰ এগৰাকী লেখিকাই আগবঢ়োৱা এটি সঁচা কাহিনীয়ে দৃষ্টি আকৰ্ষণ কৰিছে বহু পাঠকৰ ৷ নিশ্চয় এই কাহিনীয়ে চুই যাব পাৰে আপোনাকো ৷
লিখনীটোৰ লগত এজন ল’ৰাৰ ছবি আপলোড কৰি লেখিকা গৰাকীয়ে লিখিছিল যে সেই ছবিখনত থকা ল’ৰাজন কোনো সাধাৰণ ল’ৰা নহয় ৷ আজমগড়ৰ নিবাসী সেই ল’ৰাজনৰ নাম ওম_প্ৰকাশ ৷ যি এজন অট’চালকৰ সন্তান ৷
২০১০ চনৰ ২৪ ছেপ্টেম্বৰৰ কথা ৷ প্ৰতিদিনৰ নিচিনাকৈ সিদিনাও স্কুললৈ গৈ আছিল ওম ৷ তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ১০-১১ বছৰ ৷ এনেতে তেওঁ দেখা পালে যে এখন স্কুল ভানত জুই লাগিছে আৰু তাত সৰু সৰু শিশুবোৰ আবদ্ধ হৈ আছে ৷ কিন্তু বাহনখনৰ চালকজনে ইতিমধ্যে পলায়ন কৰিছে ৷ সেই সময়ত নিজৰ জীৱনৰ কথা এবাৰো নাভাৱি ওমে জলন্ত গাড়ীখনৰ দৰ্জা খুলিবলৈ চেষ্টা চলালে আৰু বহু কষ্টৰ শেষত সেই ৮ জন কণমানিক বচালে সেই ১০-১১বছৰীয়া শিশুজনে ৷ কিন্তু জুইয়ে ইতিমধ্যে ওমৰ মুখ,পিঠি,হাত সকলোবোৰ পুৰিলে ৷ লগে লগে হস্পিতাল নিয়া হ’ল যদিও প্ৰায় ৪০দিন হস্পিতালতেই কটালে ওমে ৷ কিন্তু ধনৰ অভাৱৰ বাবে তেওঁৰ অপাৰেচন কৰাব নোৱাৰিলে ওমৰ পিতৃ-মাতৃয়ে ৷ যাৰ বহুত কম খৰছেৰে মাজে মাজে এতিয়াও চিকিৎসা চলি আছে ৷ কিন্তু ইমানবোৰ দুখৰ মাজতো হাহিঁটি যেন এতিয়াও অলপো ম্লান হোৱা নাই তেওঁৰ ৷
এই ক্ষেত্ৰত লেখিকা বৰ্ণালী দাসে ওমৰ পিতৃ-মাতৃৰ কথা উল্লেখ কৰি কয় যে এই কণমানি শিশুটিয়ে কৰা এই মহান কৰ্মৰ মূল ভেটি হ’ল ১০বছৰীয়া ওমৰ পিতৃ-মাতৃ ৷ ওমৰ এই মানৱ দৰদী মনোভাৱৰ মূলতেই হ’ল তেওঁৰ সেই অশিক্ষিত পিতৃ মাতৃৰ নীতিশিক্ষা ৷ কাৰণ নিজৰ সন্তানক মানৱ দৰদী হ’বলৈ শিকাইছিল তেওঁলোকে ৷
লেখিকা গৰাকীয়ে সমাজৰ প্ৰতিগৰাকী শিশুৰ লালন-পালন,তথা সংস্কাৰৰ বিষয়টো উত্থাপন কৰি কয় যে কাৰো শিশুৱেই বেয়া নহয়, কাৰণ তেওঁলোক হ’ল ভগৱানৰ অংশস্বৰূপ ৷ জাতিভেদৰ অংক নুবুজা এই শিশুসকলৰ মনবোৰো পানীৰ দৰেই স্বচ্ছ৷ নিজৰ শিশুক পৰীক্ষাত নম্বৰ পাবলৈ শিকোৱাৰ সমান্তৰালভাৱে এজন সৎ ব্যক্তি হ’বলৈ শিকোৱা টো প্ৰতিগৰাকী অভিভাৱকৰ দায়িত্ব ৷ কাৰণ আজিৰ শিশুৱেই কাইলৈ দেশৰ নাগৰিক ৷