ভাৰতবৰ্ষ হৈছে বিশ্বৰ অন্যান্য ঠাইৰ পৰ্যটক সকলৰ বাবে প্ৰকৃতি, বন্যপ্ৰাণী, ধৰ্ম আৰু পৌৰাণিক কাহিনীৰ এক অবাস্তৱ সংমিশ্ৰণেৰে এক আশ্চৰ্যকৰ ঠাই৷ আনহাতে ইয়াৰ পাহাৰীয়া ৰাজ্যসমূহো পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ তেনে এক আকৰ্ষণীয় পাহাৰীয়া ৰাজ্য হ’ল মধ্যপ্ৰদেশ ৷ যদি আপুনি মধ্য প্ৰদেশলৈ যাবলৈ বিচাৰিছে তেন্তে আপুনি পাঁচমাঢ়ি পাৰ নোহোৱাকৈ ভুলতো যাব নোৱাৰে। ‘সাতপুৰাৰ ৰাণী’ হিচাপে অভিহিত এই পাঁচমাঢ়ি পৰ্যটক সকলৰ বাবে যেন এক স্বৰ্গপুৰীহে ।
পাঁচমাঢ়িৰ প্ৰাচীন পাহাৰীয়া কেন্দ্ৰটোৱে প্ৰতিজন পৰ্যটকৰ প্ৰয়োজনীয়তা পূৰণ কৰে।
পঞ্চমাঢ়িৰ আকৰ্ষণীয় পাহাৰ, সেউজ উপত্যকা, জলপ্ৰপাত, মন্দিৰ, আৰু ঘন অৰণ্য আৰু প্ৰাণীয়ে আকৰ্ষিত কৰে প্ৰকৃতিপ্ৰেমীক। এই অঞ্চলৰ কেইখনমান আকৰ্ষণীয় স্থান হ’ল-
ধুপগড়
ধুপগড়, সাতপুৰা পৰিসৰৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ স্থান ৷ । সূৰ্যাস্ত, সূৰ্যোদয় বা নিশাৰ সময়ছোৱাত এই অঞ্চলৰ মনোৰম সৌন্দৰ্য অবৰ্ণনীয়।
মৌমাখি জলপ্ৰপাত(বি-ৱাটাৰফল্ছ)
ওখ পাহাৰৰ পৰা তললৈ জিলিকি থকা পানীৰে এই জলপ্ৰপাত হৈছে ‘পাঁচমাঢ়ীৰ ব্যতিক্ৰমী স্থানবোৰৰ ভিতৰত অন্যতম। এই জলপ্ৰপাতৰ শোভাই আকৰ্ষণ কৰিব আপোনাক।
অপ্সৰা বিহাৰ জলপ্ৰপাত
‘অশোক’ চলচ্চিত্ৰখনৰ এটা বিখ্যাত গানৰ এই জলপ্ৰপাতৰ ওচৰত দৃশ্যগ্ৰহণ কৰা হৈছিল। এই স্থান শিশুসকলৰ বাবেও মনোমোহা। এই অপ্সৰা জলপ্ৰপাত এক উৎকৃষ্ট বনভোজস্থলী।
পাণ্ডৱ গুহাসমূহ
পাঁচমঢ়ীৰ স্থানবোৰৰ ভিতৰত, পাণ্ডৱ গুহাবোৰত অসংখ্য স্মৃতি বিজৰিত হৈ আছে। এই পাণ্ডৱ গুহা হৈছে সেই অঞ্চল য’ত শক্তিশালী পাণ্ডৱসকলে তেওঁলোকৰ নিৰ্বাসনৰ সময়ত বাস কৰিছিল। ৫ টা শিলৰ এই মন্দিৰে ইয়াৰ প্ৰাচীন ঐতিহ্যৰ কথাকে সোঁৱৰাই।
চৌৰাগড় মন্দিৰ
পাঁচমাঢ়ীত আপোনাৰ ধৰ্মীয় আৰু আধ্যাত্মিক তৃষ্ণা নিবাৰণৰ বাবে ১৩২৬ মিটাৰ উচ্চতাত অৱস্থিত চৌৰাগড় মন্দিৰ আপোনাৰ বাবে উপযুক্ত ঠাই। এই মন্দিৰটো ভগৱান শিৱৰ বাবে উৎসৰ্গিত আৰু বিশ্বৰ বিভিন্ন কোণৰ পৰা হাজাৰ হাজাৰ পৰ্যটকে এই মন্দিৰ পৰিদৰ্শন কৰে। অৱশ্যে পৰ্যটকসকলক অধিক আকৰ্ষিত কৰা প্ৰধান উৎস হ’ল ইয়াৰ চাৰিওফালৰ অঞ্চলবোৰৰ মনোমোহা দৃশ্য ৷