আজি ৰাষ্ট্ৰীয় নেতা ৰাম মনোহৰ লোহিয়াৰ স্মৃতি দিৱস । তেওঁ আছিল ভাৰতীয় স্বাধীনতা আন্দোলনৰ আৰু সমাজবাদী আদৰ্শৰ এগৰাকী নেতা । ১৯৪২ চন পৰ্যন্ত বোম্বাইৰ বিভিন্ন ঠাইৰ পৰা গোপনে চলোৱা কংগ্ৰেছ ৰেডিঅ’ৰ সৈতে তেওঁ জড়িত আছিল । তেওঁ কংগ্ৰেছ ছোচিয়েলিষ্ট পাৰ্টীৰ অন্যতম প্ৰতিষ্ঠাপক আছিল । তেওঁ লোকসভাৰ সদস্যও আছিল । The Caste System, Foreign Policy, Marx Gandhi and Socialism আদি তেওঁ ৰচিত উল্লেখযোগ্য গ্ৰন্থ । ১৯৭০ চনত নতুন দিল্লীৰ উইলিয়াম হাস্পতালৰ নামটো তেওঁৰ স্মৃতিত ৰাম মনোহৰ লোহিয়া হিচাপে পুনৰ নামকৰণ কৰা হয় । লক্ষ্ণৌত স্থাপন কৰা হয় ডঃ ৰাম মনোহৰ লোহিয়া ইনষ্টিটিউট অব মেডিকেল ছায়েন্স । ১৯৬৭ চনৰ আজিৰ দিনটোতে নতুন দিল্লীত তেওঁৰ দেহাৱসান ঘটে । নেতাগৰাকীলৈ আমাৰ প্ৰণাম ।