তিনি চৰকাৰী ইন্ধন বিক্ৰেতা প্ৰতিষ্ঠান ক্ৰমে ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন (আই অ’ চি), ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেশ্যন লিমিটেড (বি পি চি এল) আৰু হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্প’ৰেশ্যন লিমিটেড (এইচ পি চি এল)ক ২২ হাজাৰ কোটি টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে ৷ যোৱা দুবছৰত প্ৰকৃত মূল্যতকৈ কম দামত ঘৰুৱা ৰন্ধন গেছ বিক্ৰী কৰাৰ বাবে সন্মুখীন হোৱা লোকচান পুৰণ কৰিবলৈ এককালীন ভাৱে এই ধনৰাশি প্ৰদান কৰা হ’ব ৷ বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় কেবিনেটে তিনিটা তেল বিপণন কোম্পানীক এককালীন অনুদানত অনুমোদন জনায় ৷
২০২০ চনৰ জুন মাহৰ পৰা ২০২২ চনৰ জুন মাহলৈকে গ্ৰাহকক খৰচতকৈ কম মূল্যত এলপিজি বিক্ৰী কৰাৰ বাবে হোৱা লোকচান পূৰণৰ বাবে এই অনুদান প্ৰদান কৰা হ’ব ৷ এই তিনিটা প্ৰতিষ্ঠানে চৰকাৰীভাৱে নিয়ন্ত্ৰিত মূল্যত গ্ৰাহকক ঘৰুৱা এল পি জি বিক্ৰী কৰে। ২০২০ চনৰ জুন মাহৰ পৰা ২০২২ চনৰ জুন মাহলৈকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এল পি জিৰ মূল্য প্ৰায় ৩০০ শতাংশ বৃদ্ধি পাইছে।কিন্তু আন্তঃৰাষ্ট্ৰীয় এল পি জিৰ মূল্যৰ উঠা-নমাৰ পৰা গ্ৰাহকক সকাহ দিবলৈ চেষ্টা কৰা হৈছিল ৷ সেই অনুসৰি এই সময়ছোৱাত ঘৰুৱা এল পি জিৰ মূল্য মাত্ৰ ৭২ শতাংশ বৃদ্ধি পোৱাৰ লগতে তিনিটা প্ৰতিষ্ঠানৰ যথেষ্ট লোকচানৰ সৃষ্টি হৈছে বুলিও প্ৰকাশ কৰিছে ৷
এক বিবৃতিত কেন্দ্ৰীয় চৰকাৰে কয় “এই সিদ্ধান্তই পিএছইউৰ অ’এমচিসমূহক আত্মনিৰ্ভৰ ভাৰত অভিযানৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি অব্যাহত ৰখাত সহায় কৰিব ৷ লগতে নিৰৱচ্ছিন্নভাৱে ঘৰুৱা এলপিজি যোগান নিশ্চিত কৰিব ৷ তদুপৰি মেক ইন ইণ্ডিয়াৰ সামগ্ৰী ক্ৰয় কৰাত সহায় কৰিব।”