শৰীৰক সুন্দৰ ভাৱে ৰাখিবলৈ আমি যোগ বা ব্যায়াম আদি কৰো যদিও নাভিত ঘিউ লগাইও আমি শৰীৰক সুন্দৰ কৰি ৰাখিব পাৰোঁ। আয়ুৰ্বেদ শাস্ত্ৰৰ মতে , নাভিত ঘিউ লগালে স্বাস্থ্য সম্পৰ্কীয় বহুতো সমস্যা দূৰ হোৱাৰ লগতে বহুতো দুখ যন্ত্ৰনাও নোহোৱা হয়। জানো আহকচোন নাভিত ঘিউ লগালে কেনে ধৰণৰ উপকাৰ হয়—
১) নাভিত ঘিউৰে ৫ মিনিটৰ পৰা ১০ মিনিট সময় মালিচ কৰি অলপ সময় শুই থাকিব লাগে। এনে কৰিলে চকুৰ তলত ক’লা পৰা দাগ নোহোৱা হয়।
২) নাভিত কেইফোটা মান ঘিউ লৈ মালিচ কৰিলে গাৰ ছাল মসৃণ হয়। এনেদৰে ঘিউৰে মালিচ কৰিলে ছালৰ হেৰাই যোৱা উজ্বলতা পুনৰ ঘূৰি আহে।
৩) আঠুৰ বিষ হ’লে নাভিৰ ওচৰত ঘিউৰে মালিচ কৰিলে বহুত উপকাৰ পোৱা যায়। ঘিউ ৰে মালিচ কৰাৰ ফলত আঠুৰ জইণ্টৰ বিষ নোহোৱা হয়।
৪) বহুত দিন ধৰি চৰ্দি-কাঁহ হৈ থাকিলে ৰাতি শোৱাৰ আগতে পাতলকৈ ঘিউৰে নাভিৰ ওচৰত মালিচ কৰিলে জ্বৰজ্বৰ ভাৱ আৰু চৰ্দি- কাঁহ নোহোৱা হয়।