আজি সমগ্ৰ দেশতে উদযাপন কৰা হৈছে হিন্দু নাৰী সকলৰ প্ৰিয় ধৰ্মীয় উৎসৱ ‘কৰৱা চৌথ’ । ভাৰতবৰ্ষৰ বেছিভাগ ৰাজ্যতে হিন্দু মহিলাসকলে স্বামীৰ দীৰ্ঘ জীৱন আৰু তেওঁলোকৰ সুখী বিবাহিত জীৱন কামনা কৰি এই দিনটোত উপবাস ৰাখে আৰু সন্ধিয়া চন্দ্ৰ উদয় হোৱাৰ পিছত নিজৰ স্বামীৰ হাতেৰে পানী গ্ৰহণ কৰি এই নিৰ্জ্জল ব্ৰত সমাপ্ত কৰে । অৱশ্যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ইয়াৰ প্ৰভাৱ আন ৰাজ্যৰ তুলনাত কিছু কম যদিও আজিকালি বহু বিবাহিত মহিলাই এই ধৰ্মীয় পৰম্পৰাক আদৰি লোৱা দেখা গৈছে ৷
কিন্তু আচৰিত কথা যে উত্তৰ প্ৰদেশৰ মথুৰাত এনে এখন ঠাই আছে, য’ত এক বিশেষ কাৰণত উদযাপন কৰা নহয় ‘কৰৱা চৌথ’ৰ এই উৎসৱ ।এই ঠাইখনৰ নাম চুৰিৰ। ‘কৰৱা চৌথ’ অহাৰ লগে লগে, এই ঠাইত নীৰৱতাই বিৰাজ কৰে ।কিবা অপ্ৰীতিকৰ ঘটনা ঘটিব পাৰে বুলি ভয় কৰি এই গাওঁখনত ‘কৰৱা চৌথ’ৰ দিনটোত উপবাস নকৰে মহিলাসকলে।
এই গাঁওখনত ‘কৰৱা চৌথ’ উদযাপন নকৰাৰ আঁৰত আছে এটা কাহিনী
স্থানীয় লোকসকলৰ মতে, প্ৰায় ১৫০ বছৰ আগতে এজন ব্ৰাহ্মণ যুৱকে এই গাওঁখনত থকা তেওঁৰ শহুৰেকৰ ঘৰৰ পৰা উভতি গৈ থকাৰ সময়ত কিছুমান মানুহে তেওঁক বাধা দিছিল আৰু কিছু বিবাদৰ সৃষ্টি হৈছিল আৰু অৱশেষত সেই যুৱকজনক হত্যা কৰা হৈছিল। স্বামীৰ মৃত্যুৰ পিছত, নৱ বিবাহিত মহিলাগৰাকীয়ে অভিশাপ দিছিল যে যদি সেইখন গাঁৱৰ কোনো সধবা মহিলাই ইয়াত ‘কৰৱা চৌথ’ৰ উপবাস পালন কৰে , তেন্তে তেৱো নৱ বিবাহিত মহিলা গৰাকীৰ দৰেই বিধৱা হ’ব। যাৰ পিছত সেই মহিলাগৰাকী সতী হৈ পৰিছিল।
কোৱা হয় যে এই ঘটনাৰ পিছত গাওঁখনত কিছুমান অপ্ৰীতিকৰ ঘটনা আৰম্ভ হৈছিল। কেৱল এয়াই নহয়, গাঁওখনত বহুতো নৱবিবাহিত মহিলা বিধৱা হৈছিল। এই সকলোবোৰ দেখি গাঁৱৰ জ্যেষ্ঠসকলেও ইয়াক অভিশাপ বুলি গণ্য কৰিছিল।
এই ভয়াবহ পৰিবেশৰ বাবেই ‘কৰৱা চৌথ’ৰ উপবাস নৰখাৰ পৰম্পৰা দীৰ্ঘদিন ধৰি চলি আহিছে গাঁওখনত । তথ্য অনুসৰি, গাঁওখনৰ বহুতো মহিলা ‘কৰৱা চৌথ’ উদযাপনৰ এই অভিশাপৰ ভূক্তভোগী । কাৰণ সঁচাকৈয়ে ‘কৰৱা চৌথ’ৰ উপবাসৰ সময়তে তেওঁলোকৰ স্বামীৰ মৃত্যু ঘটিছিল। এইকাৰণেই আজিলৈকে গাওঁখনত এক ভয়াৰ্ত পৰিৱেশ বিৰাজমান আৰু সেয়েহে আজি পৰ্যন্ত কোনেও এই পৰম্পৰা ভংগ কৰিবলৈ সাহস কৰা নাই এই গাঁওখনত ।