গুজৰাটৰ কুছ জিলাৰ এখন গাঁও পৰিগণিত হৈছে বিশ্বৰ ভিতৰতে আৰ্থিকভাৱে সবল এখন ঠাই হিচাপে।বিশ্বৰ ধনী মানুহৰ ভিতৰত বহু লোকৰ ঘৰ আছে এই গাঁওখনত। মাধাপাৰ নামৰ এই গাঁওখনত মুঠ ৭৬০০ ঘৰ মানুহৰ বাবে আছে ১৭ টা বেংক। বৰ্তমান সময়ত বিদেশত চৰ্চাৰ বিষয় হৈ পৰিছে এই গাঁওখন।
উল্লেখযোগ্য যে গাঁওখনত থকা ঘৰবোৰৰ গৰাকীসকল বেছিভাগেই আমেৰিকা, ইংলেণ্ড, কানাডা আৰু ভাৰতৰ বাহিৰৰ আন ঠাইত বাস কৰে। মন কৰিবলগীয়া কথা যে ইয়াৰ লোকসকলে নিজৰ গাঁওখনত নাথাকিলেও, বিদেশৰ পৰাই বিভিন্ন কামৰ জৰিয়তে সংযুক্ত হৈ থাকে।
মাধাপাৰৰ লোকসকলে বিদেশত অৰ্জন কৰা টকা গাঁওৰ বেংকসমূহতহে জমা কৰে। এক হিচাপ মৰ্মে পাঁচ হাজাৰ কোটিটকৈ অধিক টকা জমা হৈছে এই গাঁওৰ ১৭ টা বেংকত। উল্লেখ্য যে এই গাঁৱৰ লোকসকল কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰশীল। কিন্তু টকাৰ বাবে কোনেও নিজৰ মাটি বিক্ৰী নকৰে। খেতিৰ বেছিভাগ সামগ্ৰী ৰপ্তানি কৰা হয় মুম্বাইলৈ।
প্ৰাথমিক বিদ্যালয়, মহাবিদ্যালয়ৰ, কমিউনিটি হল, মন্দিৰ , খেলপথাৰ আৰু অত্যাধুনিক সুবিধাৰে পৰিপূৰ্ণ চিকিৎসালয়ো আছে এই গাঁওখনত। শিক্ষাৰ ক্ষেত্ৰত হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাত শিক্ষা গ্ৰহণৰ সুবিধা আছে। ইয়াৰ উপৰিও মাধাপাৰত বছৰটোৰ সকলো সময়তে পানী যোগানৰ সুবিধা থকাৰ লগতে , বিশ্বৰ নামী-দামী ব্ৰেণ্ডৰ বস্তু থকা শ্বপিং ম’ল , আৰু ছুইমিং পুলৰো সুবিধা আছে। আনহাতে গাঁওখনত থকা পোষ্ট অফিচত লোকসকলে ২০০কোটি টকালৈ জমা থব পাৰে।
গুজৰাটৰ মাধাপাৰ এনে এখন গাঁও য’ত পৃথিৱীৰ বহুতো ঠাইৰ লোকে ইয়ালৈ ফুৰিবলৈ আহে। ১৯৬৮ চনত লণ্ডনত মাধাপাৰ ভিলেজ এচ’চিয়েছন গঢ়ি তোলা হৈছিল।এই অচ’চিয়েছন গঢ়ি তোলাৰ মুখ্য উদ্দেশ্য আছিল যাতে বিদেশত এই ঠাইৰ লোকসকলে মিলা-মিচা কৰিব পাৰে। আনহাতে মাধাপাৰতো এটা কাৰ্যালয় গঢ়ি তোলা হৈছিল যাতে বিদেশত থকা কাৰ্যালয়টোৱে পোনপটীয়াকৈ যোগাযোগ স্থাপন কৰি ৰাখিব পাৰে।