ইংলেণ্ডৰ ৰাণী এলিজাবেথ দ্বিতীয়ৰ মৃত্যুৰ পাছত বর্তমানৰ ৰজা ছার্লচৰ পত্নী কেমিলাৰ ৰাজ অভিষেকৰ সময়ত পৰম্পৰা ৰক্ষা কৰি কহিনুৰ হীৰা পৰিধান কৰিব নে নকৰে সেই বিষয়টো পুনৰ বিবেচনা কৰিব ৷ বিজেপিয়ে এই পদক্ষেপৰ বিৰোধিতা কৰাৰ পাছতে সংশ্লিষ্ট কতৃপক্ষই এয়া পুনৰ বিবেচনাৰ সিদ্দান্ত গ্ৰহণ কৰে ৷ বিজেপিয়ে কহিনুৰ হীৰা ৰাজ অভিষেকৰ সময়ত ব্যৱহাৰ কৰা কার্যই “ঔপনিৱেশিক অতীতৰ বেদনাদায়ক স্মৃতি” জগাই তুলিব বুলি বিজেপিয়ে প্ৰকাশ কৰাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷
প্ৰকাশ পোৱা অনুসৰি ২০২৩ চনৰ ৬ মে’ত ৱেষ্টমিনিষ্টাৰ এবেত ৰাণী কেমিলা আৰু তেওঁৰ স্বামী ৰজা তৃতীয় চাৰ্লছৰ অভিষেক ঘটিলে এই বহুমূলীয়া হীৰা পিন্ধিব লাগে নে নাই সেই বিষয়ে বাকিংহাম পেলেচৰ বিষয়াসকলে পৰ্যালোচনা কৰি আছে।
১৯৩৭ চনত ৰজা জৰ্জ ষষ্ঠৰ পত্নী দ্য কুইন মাদাৰে শেষবাৰৰ বাবে পিন্ধা এই মুকুটটোত ২৮০০ টা হীৰা আছে, সন্মুখৰ ক্ৰছত বিশ্বৰ অন্যতম বৃহৎ হীৰা ১০৫ কেৰেটৰ কোহিনুৰ সংযোজিত আছে।
বিজেপিৰ এগৰাকী মুখপাত্ৰই সংবাদ মাধ্যমৰ আগত কয় যে কেমিলাৰ ৰাজ অভিষেক আৰু মুকুট মণি কোহিনুৰ ব্যৱহাৰে ঔপনিৱেশিক অতীতৰ বেদনাদায়ক স্মৃতি ওভতাই আনিব ৷ পাঁচ শতিকাৰো অধিক সময় ধৰি একাধিক বিদেশী শাসনৰ অধীনত কেইবাটাও প্ৰজন্মৰ ভাৰতীয়ই দুখ-কষ্ট ভোগ কৰিছিল।
খবৰ অনুসৰি ৰাজ অভিষেকত কহিনুৰ হীৰাটো মুকুটৰ পৰা আতৰাই পেলাব পাৰে ৷ নতুন ৰজা আৰু ৰাণীয়ে ৰয়েল সংগ্ৰহৰ পৰা আন মুকুট ব্যৱহাৰ কৰিব পাৰে।