আগশাৰীৰ মটৰ চাইকেল নির্মাতা প্ৰতিষ্ঠান কীৱেই ভাৰতত মুকলি কৰিছে আন এখন মটৰ চাইকেল এছ আৰ১২৫ ৷ ভাৰতীয় বজাৰত ইয়াৰ প্ৰাৰম্ভিক মূল্য হ’ব ১.১৯ লাখ টকা ৷ যোৱা ৫ মাহত ভাৰতীয় বজাৰত ব্ৰেণ্ডটোৱে মুকলি কৰা এইখন হৈছে সপ্তমখন বাহন ৷
ডিজাইনৰ ক্ষেত্ৰত,এছ আৰ ১২৫ত কেইবাটাও অত্যাধুনিক সা-সুবিধা সংযোজন কৰা হৈছে ৷ ৱায়াৰ স্প’ক হুইল ,ডুৱেল পাৰপাচ টায়াৰ,চিংগল পীচ ৰিব ছীট আদি হৈছে বাহনখনৰ আকর্ষণীয় সা-সুবিধা ৷ তিনিটা ৰঙ ক্ৰমে গ্লছি ৰেড, গ্লছি হোৱাইট আৰু গ্লছি ব্লেক উপলব্ধ হ’ব এছ আৰ১২৫ ৷
১২৫চিচি, চাৰি ষ্ট্ৰ’ক, একক চিলিণ্ডাৰ, ৯,০০০ আৰ পি এমত ৯.৫ বিএইচপি আৰু ৭,৫০০ আৰ পি এমত ৮.২ এন এম পিক টৰ্ক সৃষ্টি কৰা ইনজেকচনযুক্ত ইঞ্জিন সংযোজন কৰা হৈছে ৷ বাইকখনত থাকিব ৫ স্পীড গিয়াৰবক্স ৷ ষ্টপিং পাৱাৰ ষ্টেণ্ডাৰ্ড ফিট ডিস্ক ব্ৰেকৰ জৰিয়তে আহে ৷ সন্মুখত ৩০০ মিলিমিটাৰ ইউনিট আৰু পিছফালে ২৪০ মিলিমিটাৰ ইউনিট সংযোজন কৰা হৈছে । ইয়াৰ ওজন ১২০ কিলোগ্ৰাম ৷ ইন্ধনৰ টেংকৰ ক্ষমতা হৈছে ১৪.৫ লিটাৰ ৷ বাহনখনৰ বুকিং মুকলি কৰা হৈছে আৰু অক্টোবৰৰ শেষৰ ফালে ডেলিভাৰী আৰম্ভ হ’ব। বুকিঙৰ পৰিমাণ ১০০০ টকা নিৰ্ধাৰণ কৰা হৈছে।