এনে এটা মন্দিৰ যি দেখাত এডাল প্ৰকাণ্ড সাপৰ দৰে ৷ এইখন ভাৰততে আছে প্ৰকাণ্ড সাপৰ আকৃতিৰ এই মন্দিৰ । তেলেংগানাৰ সেউজীয়া পাহাৰৰ মাজত, লক্ষ্মী নৰসিংহ স্বামী মন্দিৰলৈ যোৱা পথত অৱস্থিত এই মন্দিৰ হায়দৰাবাদৰ পৰা প্ৰায় ১৫০ কিলোমিটাৰ দূৰত অৱস্থিত। মন্দিৰটোৱে ভগৱান কৃষ্ণই কালীয়নাগক বশ কৰি সৰ্পৰ ফনাত নৃত্য কৰাৰ এক জনপ্ৰিয় পৌৰাণিক কাহিনীক প্ৰতিফলিত কৰে ৷
নামপল্লী বাছ ষ্টপৰ পৰা অলপ দূৰত্বত আৰু লক্ষ্মী নৰসিংহ স্বামী মন্দিৰ ভেমুলাৱাড়া – কৰিমনগৰ ঘাইপথৰ পৰা প্ৰায় ১৫ মিনিটৰ খোজ কঢ়া দূৰত্বত এই মন্দিৰ অৱস্থিত।
আমোদজনক ভাৱে, ভক্তসকলে এই মন্দিৰত প্ৰৱেশ কৰে সাপৰ পেটৰ মাজেৰে । আনহাতে দুয়োফালে পৌৰাণিক চিত্ৰ উপভোগ কৰি সৰ্পিল সুৰংগৰ মাজেৰে খোজ কাঢ়িব পাৰে দৰ্শনাৰ্থীসকলে। উল্লেখনীয় যে এই মন্দিৰৰ ভিতৰত নাগ দেৱতাৰ মূৰ্তি থকাৰ লগতে প্ৰৱেশদ্বাৰৰ ওচৰত আছে ভগৱান নৰসিংহৰ এটা মূৰ্তি ।
লক্ষ্মী নৰসিংহ স্বামী মন্দিৰৰ পাহাৰৰ পৰা এই সৰ্প মন্দিৰৰ দৃশ্য অতি মনোমোহা । পাহাৰটোৱে ভেমুলাৱাড়া চহৰৰ এক মনোৰম দৃশ্য প্ৰদৰ্শন কৰে যাৰ সেউজীয়া প্ৰকৃতি , গোদাৱৰী নদী আৰু পাহাৰৰ দৃশ্যই মন্ত্ৰমুগ্ধ কৰে সকলোকে।
এই মন্দিৰৰ চৌহদ পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৫.৩০ বজালৈ দৰ্শনাৰ্থীসকলৰ বাবে মুকলি থাকে। আশ্চৰ্যকৰ দৃশ্যৰ সৈতে আধ্যাত্মিকতা অনুভৱ কৰিবলৈ এবাৰ এই মন্দিৰটোলৈ আহৈব পাৰে আপুনিও ৷