বৃদ্ধি কৰা হ’ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাৰ সুৰক্ষা ব্যৱস্থা ৷ এতিয়াৰ পৰা জেদ প্লাছ নিৰাপত্তা বেষ্টনীত থাকিব মুখ্যমন্ত্ৰী ডঃ শর্মা ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাৰ সুৰক্ষা ব্যৱস্থা জেদ ব্যৱস্থাৰ পৰা জেদ প্লাছ ব্যৱস্থালৈ উন্নীত কৰিছে ৷ দেশৰ যিকোনো প্ৰান্তত এতিয়াৰে পৰা ডঃ শর্মাই লাভ কৰিব জেদ প্লাছ নিৰাপত্তা ৷
গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত কয় যে কেন্দ্ৰীয় নিৰাপত্তা সংস্থা সমূহৰ সৈতে আলোচনা কৰি ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা কৰা হৈছে । উত্তৰ-পূব অঞ্চলত তেওঁ বৰ্তমান লাভ কৰি থকা ‘জেদ’ শিতানৰ চি আৰ পি এফৰ নিৰাপত্তা ব্যৱস্থা সৰ্বভাৰতীয় ভিত্তিত জেদ প্লাছ শিতানলৈ উন্নীত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীক।
ভিআইপিসকলৰ বাবে এক্স,ওৱাই, ওৱাই প্লাছ , জেদ, জেদ প্লাছ আদি ব্যৱস্থা প্ৰদান কৰা হয় ৷ বিশেষ সুৰক্ষা গোট (এছ পি জি) হৈছে প্ৰধানমন্ত্ৰীক দিয়া সৰ্বোচ্চ পৰ্যায়ৰ নিৰাপত্তা বেষ্টনী ৷