দেশজোৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি) প্ৰস্তুতিৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ হিচাপে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সকলো ভাৰতীয় নাগৰিকৰ ৰাষ্ট্ৰীয় তথ্যকোষ স্থাপন কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত সকলো নাগৰিকৰ জন্ম-মৃত্যুৰ তথ্য শীঘ্ৰে পঞ্জীয়ন কৰা হ’ব ৷ ইয়াৰ বাবে মন্ত্ৰালয়ে দাখিল কৰা এখন বিধেয়কত এই তথ্য উল্লেখ কৰিছে ৷ বৰ্তমান জন্ম-মৃত্যুৰ তথ্যকোষ স্থানীয় পঞ্জীয়কৰ জৰিয়তে ৰাজ্যসমূহে পঞ্জীয়ন কৰি আহিছে ৷
চৰকাৰে এই তথ্যকোষক জনসংখ্যা পঞ্জী আৰু নিৰ্বাচনী তালিকা, আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, পাছপ’ৰ্ট আৰু ড্ৰাইভিং লাইচেন্সৰ সৈতে একত্ৰিত কৰিব বিচাৰিছে ৷ ইয়াৰ বাবে জন্ম আৰু মৃত্যু পঞ্জীয়ন আইন সংশোধন কৰিবলৈ কেবিনেট টোকা প্ৰদান কৰিছে।
ভাৰতৰ মহাপঞ্জীয়কে এই তথ্যকোষ চোৱাচিতা কৰিব ৷এইক্ষেত্ৰত তেওঁক ৰাজ্যসমূহৰ মুখ্য পঞ্জীয়কসকলে সহায় কৰিব। আধাৰ, ৰেচন কাৰ্ড, ইলেক্টৰেল ৰোল, পাছপ’ৰ্ট আৰু ড্ৰাইভিং লাইচেন্সৰ দায়িত্বত থকা বিভিন্ন কতৃপক্ষৰ সৈতে সময়ে সময়ে ইয়াকউন্নীতকৰণ কৰা হ’ব।
কেবিনেট টকাখনত উল্লেখ কৰা হৈছে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেশজোৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি) ঘোষণা কৰাৰ লগে লগে চৰকাৰে অবৈধ হিচাপে গণ্য কৰিবলগীয়া অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰিবলৈ ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জী উন্নীতকৰণ কৰা হ’ব ৷
শীঘ্ৰেই কেবিনেটে এই প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে পৰৱৰ্তী সংসদৰ অধিৱেশনত সংশোধনী বিধেয়কখন উত্থাপন কৰাৰ সম্ভাৱনা আছে বুলি চৰকাৰী বিষয়াসকলে জানিবলৈ দিছে ৷