শুকুৰবাৰে বম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠে দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক জি এন ছাইবাবাক মাওবাদীৰে সম্পর্ক থকা বুলি ৰুজু হোৱা গোচৰত দোষমুক্ত কৰে ৷ বিচাৰপীঠখনে তেওঁক তাৎক্ষণিকভাৱে জেলৰ পৰা মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়ে।
ন্যায়াধীশ ৰোহিত দেও আৰু অনিল পানছাৰেৰ খণ্ড বিচাৰপীঠে জি এন ছাইবাবাই ২০১৭ চনত নিম্ন আদালতে তেওঁক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা নিৰ্দেশক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি এই নির্দেশ দিয়ে ৷
শাৰীৰিক অসুস্থতাৰ বাবে হুইল চেয়াৰত জীৱন কটোৱা জি এন ছাইবাবাক সম্প্ৰতি নাগপুৰ কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছে। আনহাতে বিচাৰপীঠে এই গোচৰৰ আন পাঁচজন দোষীকো দোষমুক্ত কৰে। অৱশ্যে এই পাঁচজনৰ ভিতৰত এজনৰ ইতিমধ্যে মৃত্যু হৈছে ৷ অন্য কোনো গোচৰত অভিযুক্ত নহ’লে দোষীক তৎক্ষণাত কাৰাগাৰৰ পৰা মুকলি কৰি দিবলৈ বিচাৰপীঠে নিৰ্দেশ দিয়ে।
২০১৭ চনৰ মাৰ্চ মাহত মহাৰাষ্ট্ৰৰ গাডচিৰোলি জিলাৰ এখন সত্ৰ আদালতে মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত ছাইবাবা আৰু এজন সাংবাদিকৰ উপৰি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰকে ধৰি আন লোকক দোষী সাব্যস্ত কৰিছিল।
বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউএপিএ) আৰু ভাৰতীয় দণ্ডবিধি (আই পি চি)ৰ বিভিন্ন বিধানৰ অধীনত আদালতে জি এন ছাইবাবা আৰু আনসকলক দোষী সাব্যস্ত কৰিছিল।