আজি মহান বিজ্ঞানী তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ এপিজে আব্দুল কালামৰ ওপজা দিন । ১৯৩১ চনৰ আজিৰ দিনটোতে ৰামেশ্বৰমত তেওঁৰ জন্ম হৈছিল । তেওঁৰ সম্পূৰ্ণ নামটো আছিল আবুল পাকিৰ জয়নুল আবেদিন আব্দুল কালাম । প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংগঠন (ডিআৰডিঅ’) আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত (ইছৰো) এৰ’স্পেচ অভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ কৰা বিজ্ঞানীগৰাকীক ভাৰতৰ মিছাইল মেন বুলিও কোৱা হয় । তেওঁ ভাৰতত বেলিষ্টিক মিছাইল আৰু উপগ্ৰহ উৎক্ষেপণ যান প্ৰযুক্তিৰ বিকাশত বিশেষ অৰিহণা যোগাইছিল । ১৯৯৮ চনৰ পোখৰাণ-২ পাৰমাণৱিক পৰীক্ষাৰ ক্ষেত্ৰতো তেওঁৰ বিশেষ ভূমিকা আছিল । ২০০২ চনৰ ২৫ জুলাইৰ পৰা ২০০৭ চনৰ ২৫ জুলাইলৈ তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত আছিল । ২০২০ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ এক পৰিকল্পনা দাঙি ধৰি তেওঁ ‘ইণ্ডিয়া ২০২০’ নামৰ এখন গ্ৰন্থ লিখিছিল । অগ্নিৰ ডেউকা, তেজস্বী মন, অদম্য শক্তি আদি তেওঁ ৰচনা কৰা কেইখনমান আপুৰুগীয়া গ্ৰন্থ । ভাৰত চৰকাৰে তেওঁক ১৯৮১ চনত পদ্মভূষণ আৰু ১৯৯০ চনত পদ্মবিভূষণ সন্মান প্ৰদানৰ পিছত ১৯৯৭ চনত ভাৰত ৰত্নৰে বিভূষিত কৰে । মহান ব্যক্তিগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট সাহিত্যিক চন্দ্ৰধৰ বৰুৱাৰ ওপজা দিন । ১৮৭৪ চনৰ আজিৰ দিনটোতে দেৰগাঁৱত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল এগৰাকী নাট্যকাৰ, কবি আৰু গীতিকাৰ । ১৯৩০ চনত ভাৰতৰ স্বাধীনতা সম্পৰ্কে ইংলেণ্ডত অনুষ্ঠিত ঘূৰণীয়া মেজ মেলত অসমৰ প্ৰতিনিধি হিচাপে তেওঁ যোগদান কৰিছিল । ১৯১৮ চনত গোৱালপাৰাত অনুষ্ঠিত অসম সাহিত্য সভাৰ দ্বিতীয় অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । তেওঁ অসম সাহিত্য সভা পত্ৰিকাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল । খণ্ডবাক্য আৰু যোজনা সকলন ‘ৰত্নকোষ’ তেওঁৰ অমৰ সৃষ্টি । কামৰূপ সঞ্জীৱনী সভাই ১৯২৯ চনত তেওঁক সাহিত্য ৰত্ন উপাধি প্ৰদান কৰে । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি জনপ্ৰিয় কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ স্মৃতি দিৱস । তেওঁ আছিল একাধাৰে এগৰাকী গায়ক, সুৰকাৰ আৰু সংগীত পৰিচালক । ১৯৬২ চনত কলিকতাত ৰেকৰ্ড কৰা আগলি বতাহে কঁপালে কলৰে পাত আৰু কৃষ্ণচূড়া কৃষ্ণচূড়া গীত দুটি জনপ্ৰিয় হোৱাৰ পিছত তেওঁ পেছাদাৰী সংগীত জগতত পদাৰ্পণ কৰে । ১৯৬৬ চনত তেওঁ লটিঘটি আৰু চিকমিক বিজুলী চলচ্চিত্ৰৰ গীতত কণ্ঠদান কৰে । বনৰীয়া ফুল তেওঁ নিজাববীয়াকৈ পৰিচালনা কৰা প্ৰথমখন চলচ্চিত্ৰ । তাৰ পিছত নিয়তি, বৃষ্টি, ধৰ্মকাই আদি চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰে । তেওঁ লখিমী থিয়েটাৰতো সংগীত পৰিচালনা কৰিছিল । ১৯৭৭ চনত তেওঁ সুৰ বাহিনী গঠন কৰি বানপীড়িতৰ সাহায্যাৰ্থে ধন সংগ্ৰহ কৰিছিল । তেওঁৰ গীতবোৰ আজিও অতিশয় জনপ্ৰিয় । ১৯৭৭ চনৰ আজিৰ দিনটোতে কলিকতাত তেওঁৰ আকস্মিকভাৱে দেহাৱসান ঘটে । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি সত্ৰীয়া সংস্কৃতিৰ সাধক ৰসেশ্বৰ শইকীয়া বৰবায়নৰ স্মৃতি দিৱস । ১৯৮০ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰে । ২০০০ চনৰ আজিৰ দিনটোতে গুৱাহাটীত তেওঁৰ দেহাৱসান ঘটে । সাধকগৰাকীলৈ আমাৰ প্ৰণাম ।