এইচ এন এল চিৰ প্ৰাক্তন বিদ্ৰোহী নেতা চেৰিষ্টাৰফিল্ড থাংখিউৰ এনকাউণ্টাৰৰ পিছতে উত্তপ্ত হৈ পৰিছে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰিস্থিতি। উত্তপ্ত পৰিস্থিতিৰ মাজতে মেঘালয়ৰ ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে।
বিগত সময়ত মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীৰ ঘৰতো আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল। আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ মেঘালয়ত কাৰ্ফিউ জাৰি কৰা হৈছে।
তাৰ মাজতে অসমৰ আৰক্ষী প্ৰশাসনে অসমৰ ৰাইজক এই পৰিস্থিতিত শ্বিলঙলৈ নাযাবলৈ আহ্বান জনাইছে। এতিয়া সীমান্তত সষ্টম হৈ পৰিছে অসম আৰক্ষী।
গুৱাহাটীৰ অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল অৰ্থাৎ শ্বিলং সংযোগী পথত অসম আৰক্ষীয়ে আৰম্ভ কৰিছে ব্যাপক তালাচী অভিযান। মেঘালয়ৰ পৰিস্থিতি শান্ত নোহোৱা অসমৰ কোনো নাগৰিক যাতে বিপদত পৰিবলগীয়া নহয় তাৰ বাবে মেঘালয়ৰ দিশে যোৱা প্ৰতিখন গাড়ীতে আৰক্ষীয়ে তন্ন-তন্নকৈ তালাচী চলাইছে।
ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে যিহেতু সকলো লোকে ঘৰত আবদ্ধ হৈ আছে তেনে সময়তে কিছু পৰিমানে অসমৰ পৰিস্থিতি সুচল হোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ নিকটৱৰ্তী লোক সকলে নৈসৰ্গিক শোভা উপভোগ কৰিবলৈ পৰিয়ালৰ সৈতে মেঘালয়ৰ দিশে যাবলৈ উদ্দাউল হৈ থাকে। কিন্তু মেঘালয়ৰ পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ বাবে অসমৰ কোনো ব্যক্তি যাতে মেঘালয়ৰ দিশে যাব নোৱাৰে তাৰ বাবে এতিয়া অসমৰ আৰক্ষী প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।