ক’ভিড মহামাৰীৰ পাছত দেশৰ অর্থনৈতিক অৱস্থা শোচনীয় হোৱাৰ সময়তে পোহৰলৈ আহিছে আন এক উদ্বেগজনক তথ্য ৷ দেশত বাঢ়িছে ক্ষুধাতুৰ লোকৰ সংখ্যা ৷ গোলকীয় ক্ষুধা সূচাংকত (গ্ল’বেল হাংগাৰ ইনডেক্স)পুনৰ নিম্নগামী হৈছে ভাৰতৰ স্থান ৷ ২০২১ চনৰ ১০১ নম্বৰ স্থানৰ পৰা ১২১খন দেশৰ ভিতৰত গ্ল’বেল হাংগাৰ ইনডেক্স (GHI) ভাৰতৰ স্থান চলিত বর্ষত ১০৭ নম্বৰ স্থানলৈ হ্ৰাস পাইছে ৷ লক্ষ্যণীয়ভাৱে চুবুৰীয়া দেশ পাকিস্তান, বাংলাদেশ, নেপালৰ তলত এই তালিকাত স্থান লাভ কৰিবলৈ ভাৰত সক্ষম হৈছে ৷
ক্ষুধা আৰু পুষ্টিহীনতাৰ ওপৰত নজৰ ৰখা গ্ল’বেল হাংগাৰ ইনডেক্সৰ ৱেবছাইটে শনিবাৰে প্ৰকাশ পোৱা অনুসৰি চীন, তুৰস্ক, কুৱেইটকে ধৰি সোতৰখন দেশে পাঁচতকৈ কম জিএইচআই স্ক’ৰেৰে শীৰ্ষ স্থান দখল কৰিছে ৷
২০২১ চনত ভাৰতে ১১৬ খন দেশৰ ভিতৰত ১০১ নম্বৰ স্থান লাভ কৰিছিল। এতিয়া এই তালিকাত ১২১ খন দেশৰ সৈতে ই ১০৭ নম্বৰ স্থানলৈ অৱনমিত হৈছে । ভাৰতৰ জিএইছআই নম্বৰ হ্ৰাস পাইছে ৷ ২০০০ চনত ৩৮.৮ নম্বৰৰ পৰা ২০১৪ চনৰ পৰা ২০২২ চনৰ ভিতৰত ২৮.২ – ২৯.১ৰ ভিতৰত জিএছআই নম্বৰহে ভাৰতে লাভ কৰিবলৈ সক্ষম হৈছে ৷